সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
কাউৰী, কপৌ আৰু নিগনিৰ কথা

আৰু সেই মানুহটোৱে নো কি কৰে তাকে চাবলৈ পাখী নমৰাকৈ মনে মনে তাৰ মূৰৰ ওপৰেদি উৰি যাবলৈ ধৰিলে। মানুহটোৱে গছ জোপাৰপৰা কিছু দূৰ গৈ মাটিত চাউল এপোহা চতিয়াই তাৰ ওপৰত জালখন বহলাই মেলি সৰু গছ এজোপাত

উঠি গা লুকাই থাকিল গৈ। কাউৰীজনীয়েও অইন এজোপা গছত পৰি কি হয় নো তাকে চাবলৈ বাট চাই থাকিল।

 এনেতে হিৰণ নামেৰে দলপতিৰে সৈতে এজাত কপৌ উৰি আহি চাউলবিলাক দেখিলে। এটা কপৌৱে কলে, “বুঢ়া