সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
এটা সিংহ আৰু এটা বন্দীৰ কথা

কাঁইটো ওলাল। তেতিয়া সি বন্দীটোৰ গাত গা ঘঁহাই হাবিলৈ গল, আৰু তাক অলপ পহুৰ মঙ্গহ আনি দিলেহি। সেই দিনাৰেপৰা সিংহই তাক সদায় পহুৰ মঙ্গহ আনি দিবলৈ ধৰিলে, আৰু বন্দীটোৱেও সিংহৰ মন বুজি বনৰ ফলমূল আৰু পহুৰ মঙ্গহ খাই তাতে থাকিবলৈ ধৰিলে।

 কিছুমান দিনৰ পিচত বন্দীটোক এদল মানুহে গৈ তাতে বিচাৰি পালেগৈ, আৰু তাক ধৰিত ভদ্ৰলোক জনক শোধাই দিলেহি। ভদ্ৰলোক জনে খঙ্গত জলি পকি বন্দীটোক বনৰীয়া জন্তুৰ হতুৱাই খুৱাই মাৰিবলৈ হুকুম দিলে।

 হুকুম হল হয়, কিন্তু সেই সময়ত ওচৰত বনৰীয়া জন্তু পাবলৈ নথকাত বন্দীটোক মৰাৰ একো দিহা নহল। তিনি মাহমানৰ পিচত এদল চিকাৰীয়ে ফান্দ পাতি সেই সিংহটোকে ধৰি ৰোম ৰাজধানীলৈ লৈ গল। বনৰীয়া সিংহটো দেখি সেই ভদ্ৰলোকজনে মনত বৰ আনন্দ পালে, আৰু ততালিকে বন্দীটোক আনি ভোকত থকা সিংহটোৰ মুখৰ আগত পেলাই দিবলৈ আদেশ কৰিলে। সিংহৰ মুখত মানুহ এটা পেলাই দিয়া হব, এই কথা বিজুলি সঞ্চাৰে মুখামুখিকৈ গোটেই দেশতে ৰাষ্ট্ৰ হৈ পৰিল, আৰু সিংহই নো কেনেকৈ মানুহ মাৰে তাকে চাবলৈ লৰা বুঢ়া সকলোৱেই সিংহৰ চাৰিওফালে পৰিল গৈ। এজাক মানুহে বন্দীটোক হাতকেৰেয় লগাই সিংহৰ আগলৈ লৈ গল।

 মানুহবোৰ দেখি সিংহই গৰ্জ্জিবলৈ ধৰিলে। লোহাৰ