এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
সৰু আইটী আৰু সৰু চৰাই
সৰু আইটী আৰু সৰু চৰাই
অ’ সৰু চৰাই অ’ সৰু চৰাই
মোৰ তালৈ যাবি,
পকা জামু পাৰি দিম শাৰী শাৰী
সোণাৰ সজাত খাবি।
ফুটুকা ফুটুকি ফুল দিম আনি
তোক মই কোঁচ ভৰি,
অ’ সৰু চৰাই আহচোঁন তই
দেও দি দি লৰি লৰি।
অ’ সৰু আইটী অ’ সৰু আইটী
বৰ ভাল পাওঁ মই,
বা ৰিব ৰিব বা ৰিব ৰিব
মলয়া বতাহ বয়।
নেলাগে নেলাগে আইটী নেলাগে
সোণৰ সজাটি তোৰ,
গছৰ আগত পাতৰ আঁৰত
বাহ আছে সৰু মোৰ।
অ’ সৰু চৰাই অ’ সৰু চৰাই
কলই যাবি উৰি তই,
এটি দুটি কৰি পাত যাব সৰি
জাৰ কালি আহিলেই।