সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
ৰাম আৰু এটা কেৰ্কেটুৱা

 পিচত ৰাম উলটি আহি তেওঁবিলাকৰ বাহৰত সীতাক দেখা নাপাই বৰ দুখ কৰিলে। চৰাই পহুকে আদি কৰি সকলো বন্য জন্তুকে সীতাৰ বাতৰি সুধিলে, আৰু সীতাৰ উদ্ধাৰৰ অৰ্থে সহায় বিচাৰিলে।

 ৰামৰ কথা শুনি প্ৰথমতে এটা কেৰ্কেটুৱা আহিল। সেই কালত কেৰ্কেটুৱাৰ চাল চিকমিকীয়া আছিল, আৰু ৰদত সোণৰ নিচিনাকৈ জিলিকিছিল। কিন্তু ইহঁত এতিয়া যেনে ধেমেলীয়া তেতিয়াও তেনে আছিল। এই কেৰ্কেটুৱাটো আহি ৰামৰ তৰোৱালত জাপ মাৰি ধৰিলেহি আৰু কলে, “প্ৰভু, ম‍ই আপোনাক সহায় কৰিবলৈ আহিছোঁ।”

 ৰামে সেই ধুনীয়া কেৰ্কেটুৱাটোৱে সাহ কৰি তেওঁক সহায় কৰিবলৈ আগ বঢ়া দেখি তাৰ পিঠিত লাহে লাহে হাত ফুৰাই কলে, “বোপা, তুমি মোক সহায় কৰিবলৈ আহিছা হয়, পিচে তুমিনো ডাঙ্গৰ ডাঙ্গৰ ৰাক্ষসেৰে সৈতে কেনেকৈ যুজিবা? তুমি নিচেই ক্ষুদ্ৰ প্ৰাণী, এতেকে তুমি এতিয়াৰ দৰেই বনৰ ফল মূল খাই ধেমালি কৰি ফুৰাগৈ আৰু আনকো তোমাৰ দৰে সুখী হবলৈ শিকোৱাগৈ।”

 এই দৰে কোৱাৰ পিচত যেতিয়া তাৰ পিঠিৰপৰা ৰামে হাত দাঙ্গি আনিলে, তেতিয়া তাৰ পিঠিত তেওঁৰ আঙ্গুলিৰ সাঁচ বহি ৰল, আৰু তেতিয়াৰপৰা কেৰ্কেটুৱাৰ পিঠিত আঙ্গুলিৰ নিচিনা সঁচ হল। ওপৰৰ ছবিটোৰ কেৰ্কেটুৱাটোৰ পিঠিত যি সাঁচ দেখিছা, সেইবোৰ ৰামৰ আঙ্গুলিৰ সাঁচহে।