এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ৰাম আৰু এটা কেৰ্কেটুৱা
নেৰা নেপেৰা চেষ্টা
যেতিয়া কৰিব লগা কাম পোৱা বোপা
কৰা তাক হৰিষ মনেৰে,
পৰ্ব্বত টিঙ্গত যদি উঠিবগৈ খোজা
ফুৰা আগে তলত ততেৰে।
পৰ্ব্বতৰ নামনিত থিয় হৈ যদি
চাই থাকা সুনীল গগন,
নোৱাৰা উঠিব বোপা পৰ্ব্বত টিঙ্গত
কেতিয়াও নকৰি যতন।
যদিওবা খোৱা তুমি উজুটি সঘনে
কেতিয়াও নহবা নৈৰাশ,
চেষ্টা কৰা বাৰ বাৰ মৰমৰ লৰা,
সফল নিশ্চয় হব আশ।
শ্ৰীহৰিনাৰায়ণ বৰুৱা
⸻
ৰাম আৰু এটা কেৰ্কেটুৱা
আগৰ দিনত অযোধ্যা নগৰত ৰামচন্দ্ৰ এজন প্ৰতাপী ৰাজকোঁৱৰ আছিল। তেওঁৰ কুঁৱৰীৰ নাম সীতা আৰু ভায়েকৰ নাম লক্ষ্মণ আছিল। ৰজাঘৰীয়া চলাহ চক্ৰান্তত পৰি ৰাম, সীতা আৰু লক্ষ্মণ তিনিও বনবাস খাটিব লগাত পৰিছিল।