সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
নীতিমালা

 কাউৰীয়ে কলে, “স্বৰ্গদেউ, আপুনি জোৰ জবৰ কৰি মাৰিব নালাগে। মই যদি নিজে মৰিও স্বৰ্গদেৱক মোৰ মাংস খুৱাব খোজোঁ, তেন্তে তাত স্বৰ্গদেৱৰ কি আপত্তি থাকিব পাৰে?”

 সিংহই উত্তৰ কৰিলে, “মোৰ বৰ ভোক লাগিছে, কি হয় এটা দিহা কৰাঁ।”

 এই কথাতে চেলু পাই সভাসদ সকলে মেকুৰীকণীয়াক বিচাৰি গল, আৰু ৰজাই মাতিছে বুলি লৈ আহিলগৈ। সিংহই ইচাটি-বিচাটি কৰিবলৈ ধৰিলে, তেনেতে কাউৰী, বাঘ আৰু শিয়ালে ক্ৰমান্বয়ে নিজকে নিজে সিংহৰ খাদ্য স্বৰূপে উছৰ্গা কৰি দেখুৱালে। সিংহই কাকো মাৰিবলৈ মান্তি নহল। উটটোৱে ভাবিলে, “ৰজাই দেখোন কাকো নামাৰিলে; এওঁবিলাকে আত্মোৎসৰ্গৰ বাবে গাইপতি বঁটা পাব; ম‍ইতো কিয় বাদ পৰি থকোঁ?” এই দৰে যুক্তি কৰি, “স্বৰ্গদেৱে আজিলৈ মোৰ মঙ্গহকে খাওক” এই বুলি কোৱামাত্ৰকে সিংহৰ উত্তৰলৈ বাট নাচাই বাঘে তাক ছিৰাছিৰকৈ ফালি পেলালে। পিচত সকলোৱে তাৰ মঙ্গহেৰেই ভোজ পাতি খালে।

 এতেকে যাৰ যি কাম, তাক নকৰি যি দুষ্টৰ সঙ্গ লয় গৈ, তাক পদে পদেই বিপদে পায়।