সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
কাৰ সমান কি নাই

আৰু ভৰি এটা কাঠ দুচটাৰ মাজত সোমাই থাকিল। চেপাত দুখ পাই বান্দৰে চিঞঁৰি-বাখৰি ভৰিটো কচালি কচালি উলিয়াবলৈ চেষ্টা কৰোঁতে উলিয়াব নোৱাৰি নিজৰ প্ৰাণকে হেৰুৱালে। আনবিলাক বান্দৰে তাৰ যন্ত্ৰণা কিছু পৰলৈ চাই থাকি পিচত দিহা গুচি গল।

 এতেকে যি পৰৰ অপকাৰ কৰিবলৈ বিচাৰে, তাৰ নিজৰহে হানি হয়। নভবা নিচিন্তাকৈ যেয়ে সেয়ে নজনা কামত হাত দিয়া অনুচিত।

 

কাৰ সমান কি নাই

সাপৰ সমান খঙ্গ কাৰো নাই নাই;
হিমালয় সম গিৰি পৃথিবীতে নাই।
দ্বীপ মধ্যে অষ্ট্ৰেলিয়া সবাতোকৈ বৰ;
সাগৰৰ বৰ নাই প্ৰশান্তত পৰ।
মিচিচিপি নদী সম নদী বৰ নাই;
মিষ্ট বাক্য সম মিঠা একো বস্তু নাই।
পশু মধ্যে ধূৰ্ত্ত নাই শিয়ালৰ সমান;
নৰৰ অধম নাই খলুৱাৰমান।
মন সম বেগৱন্ত কোনোবা কি আছে?
কালে কি কৰিব কাক কোনেনো বুঝিছে?