এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
নীতিমালা
ধেমালি
লৰাকাল বুলি, সদায় উমলি,
নিনিয়াবা তুমি কাল;
পঢ়া শুনা হলে, ৰদ মাৰ গলে,
অলপ ওমলা ভাল।
পুৱা বা গধূলি, কৰিবা ধেমালি,
বল যাতে পোৱা গাত;
তাছ, পাশা, কড়ি, যদি থাকাঁ ধৰি
এলাহ বাঢ়িব তাত।
যদি কিছু পৰ কেওঁ একে থৰ,
একেটা কামকে কৰে;
হাত ভৰি তাৰ, তোলা মেলা ভাৰ,
নিজ-জননীয়ে ধৰে।
এতেকতে দেও, নকৰিবা কেওঁ,
আপোনাৰ দেহা ক্ষয়;
শাৰীৰিক শ্ৰম, নকৰিবা কম,
স্বাস্থ্য তেহে ভালে ৰয়।
দুষ্ট লৰাবোৰে, ধেমালিতে ফুৰে,
পঢ়া-শুনা মুঠে নাই;
যেতিয়া এদিন, যায় তাৰ দিন,
তেতিয়া হে শোক পায়।