নৰেণ— “বেয়া লৰা বুলিছা বোলাঁ, মই তালৈ কাণ কৰিম বুলি ভাবিছানে কি? মই পঢ়ি ভাল নাপাওঁ, অইন কি মোৰ কিতাপ চুবৰে মন নাযায়। লিখা পঢ়াই নো কি গুণ দিবহে? বছৰ চেৰেকৰ পাচত ডেকা হৈ নিজৰ কাম মই নিজে কৰি কেনেকৈ খাম চাবাচোন। তাতে দেউতাৰ পইচা আছে, তেওঁ মৰিলে ময়ে সেইবোৰ নাখাম নো কোনে খাব?”
আবদুল্লা— নৰেণ, তুমি ডেকা হলে মানুহ বোলাব পাৰিবানে? ডাঙ্গৰ হলে তুমি পশুতকৈও অধম নহবানে? আৰু তোমাকে মূৰ্খ বুলি সকোলোৱে ছেই ছেই লেই লেই নকৰিবনে? কোনোবাই তোমাক মৰম চেনহ কৰিব বুলি ভাবিছানে?”
নৰেণ— “বাৰু মোক কোনেও আদৰ সাদৰ কৰিব নালাগে, তুমিয়েই সংসাৰৰ মৰম চেনেহ সোপাকে লৰা। এতিয়া মোৰ খুচি মতে মই ধেমালি কৰোঁগৈ। তুমি পঢ়িবলৈ যাব খুজিছা ষোৱাঁ, মোক হকা-বধা নকৰিবা।”
আবদুল্লা— “বাৰু যোৱা, তোমাৰ হেপাহ পলাই ধেমালি কৰাঁ গৈ আমাৰ তাত একো হানি নহয়; আৰু তাৰ লগে লগে জধা মূৰ্খও হোৱাঁগৈ। মই হলে মোৰ পঢ়াত মন দি পিতৃমাতৃ আৰু বন্ধুবৰ্গ সকলোৰে মনত সন্তোয দিবলৈ যথাসাধ্য পুৰুষাৰ্থ কৰিম। হেৰা দুৰ্ভগীয়া নৰেণ, কথা এটা কওঁ শুনা—পঢ়িব নোৱাৰিলে তোমাক কোনেও মৰমন কৰে, আৰু দেউতাৰায়ো বৰ খং কৰিব। যেতিয়া তোমাক সকলোৱে ইতিকিং কৰা দেখিব, তেতিয়া তোমাৰ মাৰাই মনত বৰ কষ্ট পাব। তুমি সুখী হৈ