এদিন বামুণ এখন আতঁৰত থকা হাবিলৈ গৈছিল। তাতে শুকাই থকা খৰিবোৰ দেখি তাৰে একোছা ঘৰলৈ আনিবৰ মন কৰিলে। খৰি লুৰিবৰ নিমিত্তে লগত কটাৰী এখনো নাছিল। সেই কাৰণে বামুণে এডোখৰ মাটিৰে শিল এচটাৰ ওপৰত ঘৈণীয়েকলৈ কটাৰী এখন খুজি আখৰ গোটাদিয়েক লিখিলে, আৰু ওচৰতে ঠিয় হৈ থকা হাবিতলীয়া মানুহ এটাৰ হাতত শিলচটা দি কলে “এই শিলচটা মোৰ ঘৈণীৰ হাতত দে গৈ।” মাৰুহটোৱে সুধিলে, “শিলটো দি মই আৰু কিবা কব লাগিবনে?” বামুণে কলে, “তই আৰু একো কব নালাগে, যি কব লাগে, এই শিলচটাই কব।” মানুহটোৱে তধা লাগি ৰৈ কলে, “শিলেনো কথা কব পাৰেনে?” বামুণে “পাৰে” বুলি কৈ তাক পঠিয়াই দিলে।
সি তেতিয়া উধাতু খাই শিলটো লৈ বামুণীৰ হাতত দিলে গৈ। বামুণীয়ে পঢ়ি চাই ভিতৰলৈ সোমাই গল, আৰু কটাৰী এখন উলিয়াই আনি তাৰ হাতত দিলেহি। সি তেতিয়া বৰ আচৰিত হল, আৰু সুধিলে, “কটাৰীখনকে যে লাগে অইন নালাগে, তাক তুমি কেনেকৈ জানিলা?” বামুণীয়ে হাঁহি হাঁহি উত্তৰ দিলে, “শিলটোৱেই মোক কলে।”
বামুণীৰ কথা শুনি সি আকৌ উধাতু খাই তাৰ গাৱঁলৈ লৰ দিলে, আৰু গাৱঁৰ মানুহবোৰক কলেগৈ, “এই বামুণটো কম মানুহ নহয়, ই শিলকো কথা কোৱাব পাৰে।” এই কথাতে গাৱঁৰ ইৱোৰ মানুহো আচৰিত হল, আৰু বামুণক সেই দিনাৰপৰা