এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
শিয়াল আৰু ঢোলৰ কথা
কৰিম।” সিংহক সান্ত্বনা কৰি নিজৰ অঙ্গীকাৰ ৰাখিবৰ কাৰণে নিগনিয়ে ফাঁস কুটিবলৈ আৰম্ভ কৰিলে; আৰু এডাল এডালকৈ তৎক্ষণাৎ ফাঁহবিলাক কুটি সিংহক মোকলাই দিলে। সিংহই বিপদৰপৰা ৰক্ষা পাই হাবিৰ ফাললৈ খোজ ললে; আৰু নিগনিয়েও সিংহক প্ৰণাম কৰি গাঁতত সোমালগৈ।
ক্ষুদ্ৰ বস্তু এটায়ো সময়ত ডাঙ্গৰ উপকাৰ দিয়ে। এতেকে কাকো উপ্লুঙা কৰিব নাপায়।
⸻
শিয়াল আৰু ঢোলৰ কথা
শিৱসাগৰৰ শেণচোৱা গাবঁত এদিন ৰাতিপুৱা এটা খকুৱা শিয়াল আহাৰ বিচাৰি ফুৰি ফুৰিছিল। সি মাটি এদৰাত