এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
নীতিমালা
নোৱাৰে। পৰিশ্ৰম কৰি ভাগৰ লগাত সিংহটোৱেও মৰা ভাও জুৰি পৰিল। সিঁহতে তেতিয়া গছৰপৰা নামি আহি কবলৈ ধৰিলে, “আজি আমাৰ বৰ কপাল, যদি আমি এই সিংহক জীয়াই জীয়াই মি আমাৰ ৰজাৰ আগত দিওঁ গৈ, তেনেহলে আমি বহু টাকা পুৰস্কাৰ পামহঁক। বলাহঁক, এতিয়া সিংহক নিবলৈ, এখন গাড়ী আনোগৈ।”
চিকাৰীহঁত গাওঁৰ ফাললৈ গলত নিগনিটোৱে লাহেকৈ গাঁতৰপৰা ওলাই আহি সিংহৰ ওচৰ চাপি কলে,— “মহাৰাজ, আপুনি কিয় ইমান ভয় খায়িছে? আপনাৰ চিৰ-বন্দী মই আগত থকাত আপোনাক বিপদত পৰিবলৈ কেতিয়াও এৰি নিদিওঁ, আৰু বিশেষতঃ আপোনাৰ আগত মই প্ৰতিজ্ঞা কৰি কোৱাই আছে। এতেকে পূৰ্ব্ব প্ৰতিজ্ঞা পালন কৰোঁ। আপুনি মোক বিশ্বাস কৰক, মই ততালিকে আপোনাক মুক্ত