সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
সিংহ আৰু নিগনিৰ কথা

যোৱাকৈ ধেমালি কৰি বগাই ফুৰিছিল! সিংহৰ ভাগৰ লাগি টোপনি যোৱাৰ নিমিত্তে সি প্ৰথম বাৰ গাত নিগনি উঠা গম নাপালে; কিন্তু দ্বিতীয় বাৰ নিগনি আকৌ গাত উঠাত হঠাৎ সিংহই সাৰ পাই নিগনিক থাপ মাৰি ধৰি খাওঁ বুলি মুখ মেলিলে। বেচেৰা নিগনিটো আচৰিত হ’ল, আৰু অন্তিম কাল উপস্থিত দেখি সিংহক সকৰুণে কবলৈ ধৰিলে, “মহাৰাজ! মই নিচেই অঙ্গানী আৰু সৰু জীৱ, মোক খালে আপুনি একো তৃপ্তি নাপায়, আৰু মোক মৰা বাবে আপনাৰ একো যশো নাবাঢ়ে। এইবাৰ মোক ক্ষমা কৰক; মই আপোনাৰ মৰম নাপাহৰোঁ, মই নিচেই ক্ষুদ্ৰ জন্তু যদিও আপোনাক এদিন নহয় এদিন সহায় কৰিম।”

 সিংহই নিগনিৰ কাকুতি মিনতি শুনি, আৰু নিগনিয়েও যে তেওঁক সহায় কৰিব খোজে, এই কথা ভাবি মিচিকীয়া হাঁহিমাৰি তাক এৰি দিলে। নিগনিয়ে সিংহৰ হাতৰপৰা ৰক্ষা পাই তেওঁৰ শলাগলৈ গুচি গ’ল। কিছুদিনৰ পাচত সেই হাবিৰ মাজত জোনাক নিশা ফুৰি থাকোঁতে সেই ডিমৰু গছ জোপাৰ পৰা অলপ দূৰত পাতি থোৱা, চিকাৰীৰ পহুধৰা কান্দত সিংহ বন্দী হ’ল। সিংহই অনেক চেষ্টা কৰি সাৰিব নোৱাৰি গুঁজৰিবলৈ ধৰিলে, কিন্তু সকলো মিছা হল। চিকাৰীবিলাক সেই জালৰ পৰা অলপ আঁতৰতে এজোপা গছৰ ডালত উঠি থাকি সিংহক জালত পৰা দেখি মনত বৰ আনন্দ কৰিলে। সিহঁতে ঠিৰাং কৈ জানিব পাৰিছিল যে, সিংহ কেতিয়াও জালৰপৰা এৰাই যাব