সি কমাৰৰ লৰা। মই তাক এটা কাগজৰ চিলা বেচি এই পইচা দু অনা পালোঁ।”
গঙ্গা— “তোমাৰ কাগজৰ চিলাটোনো সি কিয় ইমান দাম দি কিনিলে? তুমি জানা নহয় তাৰ দাম দুপইচাতকৈ অলপো বেচি নহয়! অইন কি, সি এক আনা পইচাতে তোমাৰটোতকৈ ভাল নতুনা চিলা এটা কিনিব পাৰিলেহেঁতেন।”
ৰামড্ডিন— “হয় বন্ধু, যি কৈছা সঁচা, কিন্তু সি সৰু লৰা, চিলাৰ আচল দাম নেজানেই। মই চাৰি অনাত কিনি আনি আধা দাম দুঅনাত বেচিম বুলি কোৱাত সি নোপোৱাই পোৱাদি পাই কিনি নিলে।”
গঙ্গা— “তেন্তে তুমি ছপইচা লাভৰ আশাতে এনেটো কাম কৰিল৷! সেই অজলা লৰাটিয়ে তোমাৰ কথাত বিশ্বাস কৰিলে, কিন্তু তুমি হলে মিছা কথা কৈ তাক ঠগিলা; সামান্য লাভৰ নিমিত্তে তুমি এনে কাম কৰিব নালাগিছিল। এতিয়া মই অতি লাভ পাইছোঁ। মিছলীয়া আৰু ঠগী লোকৰ লগত মোৰ বন্ধুতা ভাব ৰাখিবৰ মন নাই। এতিয়া তোমাৰে সৈতে মন মিলা বন্ধু বিচাৰি লোৱাঁ। মোৰ লগত আৰু বন্ধুতা ৰখা তোমাৰ দৰকাৰ নাই। ময়ো আচল কথাটো মতিৰ আগত কৈ দিম। সি আগলৈকে তোমাক বিশ্বাস নকৰে। এবাৰ মিছা কথা কোৱা মানুহে পুনৰায় সঁচা কথা কলেও তাৰ কথা কোনেও নপতিয়ায়।”
ৰামড্ডিন— “হেৰা গঙ্গা! তুমি আৰু মোকে লাজ নিদিবা,
২