সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
নীতিমালা

মূৰটি দোঁৱাই, কৰিয়া সদায়
 মাতৃক ভকতি ভাই;
পৃথিবী ভিতৰে তেওঁৰ বাহিৰে
 স্নেহৰ মূৰতি নাই।

শ্ৰীদুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা

 

অতি লাভ

 আসামৰ ৰাজধানী ছিলং। তাত ৰামড্ডিন আৰু গঙ্গাধৰ নামেৰে দুটি সমান বয়সীয়া লৰা আছিল। ৰামড্ডিন জাতত মছলমান আৰু গঙ্গাধৰ কায়স্থ আছিল। সিহঁত দুয়ে বন্ধু পাতিছিল। এদিন বাটত দুয়ো এ এনে কথা পাতিছিলঃ—

 ৰামড্ডিন— “গঙ্গা দুয়ো একেলগে বজাৰলৈ যাও বলা। যদি মোৰ লগত আহাঁ, তেন্তে মোৰ হাতত যি অলপ পইচা আছে, তাৰেই মিঠাই কিনি দুয়ো ভাগ কৰি খামহঁক।”

 গঙ্গা— “বাৰু বন্ধু, যাওঁ বলা। পিচে তোমাৰ হাতত নো মিঠাই কিনিবলৈ কিমান পইচা আছে?”

 ৰামড্ডিন— “মোৰ হাতত মুঠেই দু অনা পইচা আছে; সেই পইচাৰে মিঠাই কিনিলে তোমাকে মোকে ভালকৈ আঁটিব।”

 গঙ্গা— “বন্ধু, তুমিনো দু অনাকৈ পইচা কত পালাঁ?”

 ৰামড্ডিন— “আমাৰ স্কুলত পঢ়া মতিক তুমি চিনি পোৱানে?”