সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
নীতিমালা

 মই গান গোৱা তুমি কেতিয়াবা শুনিছা নে? যদি তোমাৰ শুনিবৰ মন গৈছে, বাৰু তেন্তে গান এটা গাই শুনাম। কিন্তু

মই অলপ সময় হে গান গাব পাৰিম। বেচি বৰ গাই থাকিবলৈ মোৰ সময় নাই। কিয়নো অলপতে মই মোৰ পোৱালি কেইটাক খুৱাবলৈ আকৌ টোপ বিচাৰি যাব লাগিব।

 এই বুলি কৈ চৰাইজনীয়ে গান এটা গালে। ৰঙ্গায়ে শুনি বৰ সন্তোষ পালে, আৰু পোৱালি কেইটা চাই ঘৰলৈ গুচি আহিল।