কিছুমান বাহ মাটিৰেও সজা হয়; কিন্তু মোৰটো বাহ হলে সৰু সৰু গছৰ ডাল-পাতেৰেহে সজা। ভিতৰ ফালে উম থাকিবলৈ নোম আৰু শুকান ঘাঁহ দিয়া আছে।
মোৰ বাহটোৰ ভিতৰত চাৰিটা নীল বৰণীয়া কণী আছে। মই সিহঁতক কালিহে পাৰিছোঁ। তুমি সিহঁতক চকু ফুৰাই চাব পাৰা, কিন্তু ছুবলৈ হলে তোমাক দিব নোৱাৰোঁ।
এই চাৰিটা কণীৰপৰা চাৰিটা অকণি অকণি পোৱালি জগিব; আৰু কেইদিন মানৰ পাচত আহিলে তুমি সিহঁতক দেখা পাবা। মাহ দিয়েক হলে অকণ অকণ পোৱালিবিলাকেই ডাঙ্গৰ হৈ আমাৰ নিচিনা হব; আৰু আমাৰ দৰেই বাহ সাজি থাকিবলৈ শিকিব।
তোমালোকে আমাক হিংসা কৰা কাৰণে আমি তোমালোকলৈ ভয় কৰোঁ। হিংসা নকৰা হলে আমিও ভয় নকৰিলোঁহেঁতেন।
ৰঙ্গায়ে চৰাই জনীৰ কথা শুনি বিচূৰ্ত্তি হল, আৰু সেই দিনাৰপৰা চৰাইবিলাকক হিংসা কৰিবলৈ এৰিলে।
⸻
চৰাই পোৱালি
কেইদিন মানৰ পাচত ৰঙ্গাই আগৰ দৰেই আকৌ এদিন বাগিছলৈ গল, আৰু ঠিক আগৰ ঠাইতে সেই চৰাইজনী দেখা পালে গৈ। চৰাইজনীয়ে ৰঙ্গাইক দেখা পাই কলেঃ—