সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
নীতিমালা
 

চৰাই আৰু তাৰ বাহ

 এদিন ৰাতিপুৱা ৰঙ্গাই নামে এটা লৰা ফুৰিবলৈ গৈছিল। চৰাইবিলাকে ওৰে ৰাতি বাহত শুই থাকি কেতিয়া ৰাতি পুৱায়, কেতিয়া ৰাতি পুৱায় দেখি আছিল। এনেতে বেলি ওলাই চৰাইবিলাকৰ মনত আনন্দ দিলে। চৰাইৰ কিৰিলি শুনি মনত ৰং লাগি ৰঙ্গায়ে ৰং মনেৰে ফুৰি ফুৰিছে, এনেতে সি এটা চৰাইৰ বাহত এজনী চৰায়ে পেট-পেলাই পৰি থকা দেখিলে। চৰাইজনীয়ে পেট-পেলাই কণী উমাই পৰি আছিল।