এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯
ৰাতিপুৱা
ৰাতিপুৱা
উঠাঁ হে ভাইটি উঠাঁ, ৰাতিপুৱা হ’ল,
চোবাচোন মনু উঠি পঢ়িবলৈ গ’ল।
পূব পিনে ৰঙা বেলি জিলিকি উঠিছে,
চৰায়ে ডালত পৰি আৰাও কৰিছে।
নিয়ৰত তিতি থকা পাত, ফুল খিনি,
লৰিলেই বৰষুণ পৰা যেন শুনি।
কলি কলি ফুলবোৰ এতিয়া ফুলিছে,
শুৱনী ফুলেৰে গছ উপচি পৰিছে।
চোৱাঁচোন পুখুৰীত পোনা মাছবোৰে,
কমাই কমাই কেনে ৰঙ কৰি ফুৰে।
ওপঙি ওপঙি মাকে মাজত সোমাই,
পোৱালিক খোৱা বস্তু দিয়ে দেখুৱাই।
দোকমোকালিতে চোৱাঁ মাখিমউবোৰে,
গোটায় মউৰ ৰস হৰিষ মনেৰে।
টেঙৰ অকণমান পৰুৱা যিমান,
সাঁচিছে আহাৰ দেহি শ্ৰমেৰে কিমান!
যাৰ যি কৰিব লগা কৰে উলাহেৰে,
ভাল লৰা ছেৱালীয়ে লেখা-পঢ়া কৰে।
মিছাতে কেলেই আছাঁ অতপৰ শুই,
নপঢ়া ভাইটি কিয়, ফলি পুথি লই?
শ্ৰীদুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা