সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নীতিমালা

পৰা নামি আহি তলত জুপুকা মাৰি থাকিলহি হয়, কিন্তু তাহাঁতক বৰষুণে জুৰুলি-জুপুৰিকৈ তিয়ালে। সিহঁতে থক্‌-থক্‌ কৰি কঁপিবলৈ ধৰিলে। তাকে দেখি টোকোৰা চৰাইবোৰে হাঁহি হাঁহি ঠাট্টা কৰি কলে, “হেৰ বান্দৰ হঁত, চাচোন আমি ঠোঁটেৰেই কেনে পানী সৰকিব নোৱৰা বাহ সাজি লৈছোঁ; তহঁতৰ হাত থাকিও বাহ সাজি লব নোৱাৰি জাৰত থক্ থক্ কৰি কঁপিছ।” বান্দৰবিলাকে মনে মনে ভাবিলে, “জাকত ঠাই নোপৱা টোকোৰা চৰায়েও আমাক হাঁহিলে। বাৰু তাহাঁতে হাঁহক, তাৰ প্ৰতিশোধ দিয়া যাব।” এই বুলি ইপিনে মৰ্ম্মান্তিক, বেদনা অন্তৰত অনুভব কৰি সেই দিনালৈ সিহঁতে একো নোকোৱাকৈ মনে মনে থাকিল। পিচ দিন যেতিয়া চৰাইবোৰ চৰিবলৈ গল, তেতিয়া বান্দৰবোৰে আগদিনীৰ কথাৰ প্ৰতিশোধ লবৰ মনেৰে জাকেই গছত উঠি হাতোৰা সুমাই সুমাই টোকোৰাৰ বাহৰপৰা কণিবোৰ উলিয়াই মাটিলৈ পেলাই দিলে। ঠটা মাটিত পৰি কণিবোৰ ভাঙ্গি চূৰ্চুমৈ হৈ গল। তাৰ পিচত চৰাইবোৰ আহি তাহাঁতৰ কণিবোৰৰ অবস্থা দেখি বেজাৰত চেক্‌চেকাবলৈ ধৰিলে। অৱশেষত ঠাটা কৰাৰ বাৰে বান্দৰবোৰে সিহঁতৰ কণিবোৰ ভাঙ্গিলে বুলি জানিবলৈ পাই বৰ অনুতাপ কৰিলে।

 এতেকে বিপদপৰা দেখিলে অইন কেতিয়াও হাঁহিব নাপায়; বৰং সহায় হে কৰিব পায়। কিয়নো হাঁহাৰ পৰা শত্ৰু বাঢ়ে, আৰু অৱশেষত নিজৰো অনিষ্ট হয়।