সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নীতিমালা
 

গুণী পুত্ৰ

মূৰ্খ পুত্ৰ হয় যদি এশ বা হাজাৰ,
সিহঁতৰ পৰা নাই একো উপকাৰ।
যেনে শস্য ক্ষেত্ৰে জন্মি বনৰীয়া বন,
কৃষকৰ অপকাৰ কৰে অগণন।
যি বংশত শঠ মূৰ্খ বহু পুত্ৰ হয়,
সি বংশৰ মান হয় অৱশ্যে বিলয়।
যথা সৰোবৰে শোভে প্ৰফুল্ল কমল,
গুণী পুত্ৰ গণে কৰে বংশক উজ্জ্বল।
গুণী শিষ্ট পুত্ৰ যদি এটিয়েই হয়,
অনেক মূৰ্খত কৰি সেয়ে শ্ৰেষ্ঠ হয়।
এক চন্দ্ৰে জগতেৰ অন্ধকাৰ হৰে;
অসংখ্য তৰাই তেনে কদাপি নোৱাৰে।

৺বলদেব মহন্ত

 

এটা শিয়াল আৰু এটা ছাগলিৰ কথা

 এদিন এটা শিয়াল আৰু এটা ছাগলি ৰদত ফুৰি ফুৰি পিয়াহত থাকিব নোৱাৰি পানী বিচাৰি গল। বহু পৰৰ পাচত এটা গাঁতত অলপ পানী দেখা পাই, পিচৰ বিপদলৈ নাভাবি সেই গাঁতৰ ভিতৰত দুয়ো জাপ মাৰি পৰিল, আৰু হেঁপাহ পলুৱাই