তেওঁ তেওঁৰ গিৰিয়েক ছাহ্জাহানেৰ সৈতে বহুত বছৰ অ মনেৰে একে লগে আছিল। আৰু তেওঁৰ কেইবাটিও লৰা ছোৱালি হৈছিল। তেওঁ ছাহ্জাহানক বৰ ভক্তি কৰিছিল, আৰু ছাহ্জাহানেও তেওঁক বৰ মৰম কৰিছিল।
বিয়াৰ পৰা চৈধ্য বছৰৰ পিচত তেওঁ “বেমাৰ পৰাত ছাহজাহান বৰ দুখিত হল; আৰু তেওঁক চকুৰ আগৰ পৰা ক্ষন্তেকলৈও নেৰা হল। তেওঁৰ অবস্থা দিনে দিনে বেয়ালৈ যাবলৈহে ধৰিলে; আৰু অৱশেষত তেওঁৰ মৰণৰ সময় উপস্থিত হলহি। ছাহ্জাহানে চকুলো টুকি টুকি তেওঁক সুধিলে, “তোমাৰ মৰমৰ চিন স্বৰূপ মই সংসাৰত কি থব পাৰোঁ?” ৰাণীয়ে বৰ বেজাৰ মনেৰে কলে, “যদি মোলৈ আপোনাৰ মৰম আছে, তেনেহলে মই মৰাৰ পাচত আপুনি অইন কাকো বিয়া নকৰাব, মোৰ কথাকে ভাবি থাকিব; ‘আৰু মোৰ মৰিশালিত এটা এনেকুৱা কবৰ সাজিব, যাতে তাৰ দ্বাৰাই মোৰ নাম যাউতিযুগীয়৷ হৈ থাকে।”
ছাজাহানে তেওঁৰ ৰাণীয়ে মৰাৰ সময়ত যি কলে, সেই মতেই কৰিবলৈ প্ৰতিজ্ঞা কৰিলে, আৰু তেওঁৰ কথা ৰাখিলে। তেওঁ আন তিৰোতা আৰু বিয়া নকৰালে। তেওঁৰ মাৰিশালিত চালে-চকুৰোৱা এটি কবৰ সাজালে। এই কবৰকে তেওঁৰ নামৰ মতেই মম্তাজ্ বা মম্তাজ্মহল বুলি লোকে কয়। এতিয়াও যমুনা নৈৰ পাৰত থকা আগ্ৰা চহৰত এই তাজ্মহল আছে।