সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
তাজমহল
 

তাজমহল

 তাজমহল এটি ভাৰতৰ ভিতৰত আটাইতকৈ শুৱনী পকা ঘৰ। এই পকা ঘৰ যুক্ত-প্ৰদেশেৰ আগ্ৰা নগৰত আছে। ই ভাৰতৰ এজনা মহাৰাণীৰ কবৰ।

 পঞ্চম মোগল সম্ৰাটৰ নাম ছাহ্‌জাহান। তেওঁ বহুত নগৰ, কাৰেং ঘৰ, কবৰ আৰু মচিদ আদি সজাইছিল। ভাৰতৰ

এই শ্ৰেণীৰ আন আন পকা ঘৰবোৰতকৈ এইবোৰ বেচি শুৱনী।

 মম্‌তাজ্‌মহল নামে এজনা দীপলিপ পাৰ্চি মহিলা তেওঁৰ কুঁৱৰী আছিল। মমতাজ্‌মহল ৰাণী নুৰজাহানৰ ভাগিনীয়েক।