এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
পুৱা
এতেকে বৰ আশা কৰা ভাল নহয়, আৰু গমি-গপি নাচাই যাৰে তাৰে কথাতে বিশ্বাস কৰিলে নিজৰ প্ৰাণকো হেৰুৱাব লগাত পৰিব পাৰে।
⸻
পুৱা
শেষ হল নিশা, ঊষা দেখা দিলে,
জাগিল সজীব ধৰা,
ঘোৰ অন্ধকাৰ দূৰলৈ গল
শূন্যত লুকাল তৰা।
ফেহু জালি দিলে ফেঁচাই জোকাৰি
“তুঁহু” কৰি কলে মাতি;
“কা” “কা” কৰি কাউৰি আহিল
নেৰানে বিছনা পাটী?
পূব আকাশত হেঙ্গুলী বৰণে
উদিল তৰুণ ৰবি;
তাৰে পোহৰত নিচুকনি পাই,
পদুমে দেখিলে ছবি।
ৰঙ্গা সুৰুযৰ কেচাঁ সোণাৱালী
ৰেখা দুটি মানে আৰু,
আকোৱালী ধৰি প্ৰকৃতি দেবীক
পিন্ধালে ৰূপহি খাৰু।