সমললৈ যাওক

পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
নীতিমালা

তেনেহলে দাসহঁত কৃতাৰ্থ হওঁ, আৰু মহাৰাজৰ ৰাজ্যত সুখেৰে কাল নিয়াব পাৰোঁ।”

 গপৰাজে গপত ওফন্দি পৰি গহীনকৈ মাত লগালে, “তহঁতৰ সিংহাসন কত আছে? তহঁতেনো মোক কেনেকৈ ৰজা পাতিবি?” উত্তৰত শিয়ালে নম্ৰভাৱে কলে, “মহাৰাজ, আমি ৰাজসিংহাসন এখন তৈয়াৰ কৰি ইয়াৰ পৰা অলপ দূৰতে থৈছোঁ। মহাৰাজৰ ৰাজ্যাভিষেক পাতিবৰ কাৰণে সকলো বস্তু যো-যা কৰি থোৱা আছে। মহাৰাজ গৈ বহিলেই হল। যাওঁ বুলিলে এতিয়াই মই বাট দেখুৱাই লৈ যাব পাৰোঁ।”

 শিয়ালৰ কথাত প্ৰত্যয় মানি গপৰাজে “ৰাৰু, বাট দেখুৱাই এতিয়াই মোক তহঁতৰ সিংহাসনৰ ওচৰলৈ লৈ যা” বুলি কলে। শিয়াল আগে আগে যাবলৈ ধৰিলে, গপৰাজ পাচে পাচে গল। কাতি মহীয়া ব্ৰহ্মপুত্ৰৰ পলস পৰি থকা ঠাই এডোখৰ ওপৰেদি পাতল শিয়াল খপ্ খপ্ কৰে হেলাৰাঙ্গে গল, কিন্তু শকত-আৱত গধুৰ হাতিৰ খোজ দিওঁতেই পলসত ভৰি সোমাই গল।আগভৰিযোৰ বল দি অলপ উলিয়ায় যদি পাচ ভৰিযোৰ দুগুণে সোমায়। শিয়ালে “আহক মহাৰাজ, আহক মহাৰাজ” বুলি চিঞঁৰিবলৈ ধৰিলে। কিন্তু মহাৰাজে আৰু কলৈ লৰচৰ কৰে তেওঁৰ পলসৰ পৰা ওলাবৰ আৰু সাধ্য নহল।

 তেতিয়া শিয়াল গৈ তাৰ লগৰীয়াবোৰক খবৰ দিলেগৈ। সিহঁত আটাইবোৰ আহি জীয়াই থাকোঁতেই হাতীক এফালৰ পৰা কামুৰি খাবলৈ ধৰিলে।