সমললৈ যাওক

পৃষ্ঠা:নীতিকথা.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

x নীতি কথা 0000000000 এই যে ল'ৰা-ছোৱালীক শিক্ষা-দীক্ষা দি ভাল মানুহ কৰাৰ আশা, সেই আশা নিৰাশা হোৱাৰ মূলত আমি কাক দষাৰোপ কৰিম। পিতৃ- মাতৃৰ মৰ্ম, সমাজ বান্ধোনৰ সিঠিলতা, অত্যাধুনিক মানসিকতা, নতুন প্ৰজন্মৰ বিপদৰ কাৰণ। এনেদৰে হাত সাবতি বহি থকাৰ ফলত শাসনৰ গন্দি ভাঙি ওলাই যোৱা ল'ৰাটোৱে এদিন এজনী ছোৱালী লৈ ঘৰলৈ আহিল। হতবাক পিতৃ-মাতৃ, নিৰব চুবুৰীয়া, পুত্ৰক কেন্দ্ৰ কৰি ইমানদিনে দেখি অহা সপোনবো মুহূৰ্ততে তচনচ হৈ গ'ল। নামগোত্ৰহিন এজনী ছোৱালী কিনি অনা গৰু-ছাগলীৰ দৰে অনাৰম্বভাবে বোৱাৰীৰ আসনত বহিবলৈ আহিল। বোৱাৰী আদৰাৰ পৰম্পৰা শুন্য এক অনুষ্ঠান। মন্দপ, হোমযজ্ঞ, ৰিতী-নীতিহিন, কাৰোবাৰ বুকুত কুঠাৰঘাট কৰা এক মিলন। বোৱাৰীৰ পদাৰ্পনত উৰুলী জোকাৰে মুখৰিত হ'ব লগা সময়খিনি, পিতৃ-মাতৃৰ বুকুত জ্বলি উঠা আশাৰ খৰি পোৰা জুইকুৰা নুমাবলৈ, দুচকুৰে যেন খৰশ্ৰোতা নদী হৈ চকুলোবোৰ নামি আহিল। এইয়া অবৰ্ণনীয় কষ্টৰে সন্তান লালন-পালন কৰা ফল নেকি? কিয় এনেদৰে পিতৃ-মাতৃবোৰ কিয় প্ৰতাৰিত হ'ব লগীয়া হৈছে। প্ৰতিজন পিতৃ-মাতৃৰ মনৰ এই দুৰহ বেদনাবোৰে এদিন নতুন সমাজখনক অভিশপ্ত নকৰিবনে? নতুন পুৰুষক ভূল পথৰ পৰা ঘুৰাই আনিবলৈ কোনো সমাজ পাতি আগবাঢ়ি আবিহনে? নে আমাৰ নতুন প্ৰজন্মৰ হাতত বৰ্ত্তমান, ভৱিষ্যত সকলো ধ্বংস কৰিবলৈ দি আমি হাত সাৱতি বহি ৰম? বন্ধু : আমাৰ নতুন সমাজখন কি কি কাৰণত বিপথগামি হোৱা বুলি আপুনি ভাবে? মই ঃ ১৯৭৯/৮০ চন অৰ্থাৎ বিদেশী বিতাৰণ আন্দোলনৰ সময়ৰ পৰা ৫৮