নীতি কথা বন্ধু ঃ বাৰু মই আপোনাক আৰু এটা প্ৰশ্ন কৰিব খুজিছো। আপুনি বহু ঠাই ঘুৰিছে, বহু সমাজ দেখিছে। সেয়েহে মই জানিব বিচাৰিছো আমাৰ নতুন প্ৰজন্মৰ গতিপথ কি? মই : আপুনি ভাল প্ৰশ্ন কৰিছে বন্ধু। মই যি উপলব্ধি কৰিছো সেয়া অতি কঠিন বাস্তৱ। ল'ৰা-তিৰোতাল লৈ এখন সংসাৰ। কোন পিতৃ, মাতৃ সন্তানৰ ভাল কামনা নকৰে। সন্তান জন্ম দিয়াৰ পিছত পিতৃ-মাতৃ অশেষ কষ্ট কৰি ল'ৰা-ছোৱালীক পালন কৰে। শিক্ষা দান কৰে। অভিভাৱকৰ কথা, দুখ সিহঁতক জানিব নিদিয়ে। কেৱল সিহতৰ প্ৰগতি অভিভাৱকে কামনা কৰে। সিহঁতৰ অভিৰুচি অনুযায়ী সিহঁতক সন্তুষ্ট কৰিবলৈ পিতৃ-মাতৃ অসম্ভকো সম্ভৱ কৰি কেৱল সিহঁতে দুখ নেপাৱাক বুলি দিনে-নিশায় চিন্তা কৰে। কিন্তু সেই ল'ৰা-ছোৱালী এদিন পিতৃ-মাতৃৰ অন্তৰত গভিৰ আঘাত কৰি পিতৃ-মাতৃৰ অন্তৰ ভাঙি চিঙি চুৰমাৰ কৰি দিয়ে, পিতৃ- মাতৃৰ লগত দুষাৰ কথা পাতিবলৈ সিহঁতৰ সময়ৰ অভাৱ হয়। প্ৰায়েই আঁতৰি ফুৰে যেন সিহঁত ডাঙৰ হ'ল। সিহঁতৰ যেন আৰু পিতৃ-মাতৃৰ প্ৰয়োজন শেষ হৈ গ'ল। প্ৰতিজন অভিভাৱকৰ একোটা সপোন থাকে। ল'ৰা-ছোৱালী ডাঙৰ হ'ব পঢ়ি-শুনি চাকৰি বাকৰি কৰিব। এদিন সিহঁতৰ একোখন সুখৰ সংসাৰ হ'ব। ঘৰখন আনন্দেৰে ভৰি পৰিব। বাস্তৱত সেইয়া নহ'লে সপোন ভাঙি চুৰমাৰ হৈ গ'ল। ল'ৰাই হওঁক বা ছোৱালীয়ে হওঁক সিহঁতে নিজৰ মতে চলিবলৈ ধৰিলে। হয়তো বহুতে পঢ়া-শুনা বাদ দি বেকাৰ জীৱন আৰম্ভ কৰে। ধ্বংমুখি কিছুমান সঙ্গিৰ প্ৰভাৱত নানান ৰাগিয়াল বস্তু সেৱন
পৃষ্ঠা:নীতিকথা.pdf/৬৫
অৱয়ব