সমললৈ যাওক

পৃষ্ঠা:নীতিকথা.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বাপৰত পূজা নীতি কথা কলীত হৰিনাম বৰ্ত্তমান সময়ত ধ্যান মগ্ন যোগী হিমালয় বা বিভিন্ন গুৱাত দুই চাৰিজন হলেও আছে। যজ্ঞ বৰ্ত্তমান সময়ত চন্দী যজ্ঞ, শিৱ যজ্ঞ, বিষ্ণু যজ্ঞ, বিভিন্ন যজ্ঞ আজিৰ সমাজত পালন কৰি থকা হৈছে। পূজা বোলতে সৰ্বজনবিদিত দুৰ্গা পূজা, কালী পূজা, লক্ষ্মী পূজা, মনসা পূজা, , বিশ্বকৰ্মা পূজা, গণেশ পূজা, সৰস্বতী পূজা, বিভিন্ন পূজা পালন কৰা হৈ আছে আৰু হৰিৰ নাম শদিয়াৰ পৰা ধুবুৰীলৈ হৰি নামৰ ধ্বনি মুখৰিত হৈ আছে। গতিকে আমি উপলব্ধি কৰিব পাৰো আমি প্ৰকৃত সত্যত অৱতৰণ কৰিছোঁ। এতিয়া কেৱল আমি নিজক সংস্কাৰ কৰি, নিজে পৱিত্ৰ হৈ এখন নতুন সমাজ প্ৰতিষ্ঠা কৰাৰ সময়। কোনেও কাকো অৱহেলা কৰিব নালাগে। ঘৃণা কৰিব নালাগে। পূজাৰী পূজা কৰিব যজ্ঞ কৰিব, সমানে হৰিৰ নাম, মহজিদ নামাজ চলি থাকিব। ইয়াৰ ভিতৰত আগতে থকা ক্ষুদ্ৰ চিন্তাধাৰা ত্যাগ কৰি আমি বহল দৃষ্টিভঙ্গীৰে সমাজখন আগুৱাই নিব লাগিব। শাস্ত্ৰ আৰু বিজ্ঞানৰ সমন্বয়ত এখন নতুন সমাজ গঢ়াতো আমাৰ কৰ্ত্তব্য। শাস্ত্ৰৰ মতবোৰ আমি গভীৰভাৱে উপলব্ধি কৰিব লাগিব। ভাগৱনত এটা নিদৰ্শন। ৰজা পৰীক্ষিতে ব্ৰহ্মশাপ পোৱাৰ পিছত তেওঁৰ ৰাজগুৰু ব্যাসদেৱ যেতিয়া উপস্থিত হৈছিল তেতিয়া দুখন ম্ৰিয়মান হৈ পৰীক্ষিতে কৈছিল— পৰীক্ষিতে বোলে গুৰু শুনাহা বচন। অসময়ত হৈলা গুৰু আমাৰ মৰণ॥ মৃগয়া কৰিতে গৈলো অৰণ্য ভিতৰে। তাতে ব্ৰহ্মশাপ হৈলা আমাৰ উপৰে। মাতঙ্গৰ পুত্ৰ শৃঙ্গি পাইয়া মন তাপ ৫১