নীতি কথা ১৪৭। লোকচক্ষুৰ আৰত কৰা কুকৰ্মবোৰৰ সাক্ষী কোনো নাই বুি ভবাতো ভুল। ১৪৮। অকল নিজক লৈ ব্যস্থজনক অজ্ঞান আহ্ম্যাৰে বিভূষিত কৰি পাৰি। ১৪৯। উচ্চ-নীচ বা ধনী দুখীয়াৰ, পৰিৱেশ কৰ্মদক্ষতাই নিৰূপন কৰে ১৫০। ত্যাগ কৰিব নোৱাৰিলে, শান্তিৰ আশা কৰা পৰ্বতত কাচৰ কৰ্ম বিচৰা। ১৫১। প্ৰকৃত সাধকৰ সাধনা নেদেখাজনে ফলপ্ৰাপ্তি কৰে। ১৫২। সময়ৰ কঠিয়া সময়ত সিচিলে কঠিয়াই ভাল ফচল দান কৰে। ১৫৩। অতিত ৰোমন্থন কৰি খোজ মন্থৰ নকৰিবা। ১৫৪। সংসাৰ বৰ কাইটিয়া, খুৱ সাধনানে খোজ পেলালে নিজৰ মঙ্গল ১৫৫। খঙাল মানুহৰ চিন্তাশক্তি দুৰ্বল। ফলত তেওঁৰ অপ্ৰিয়তা। ১৫৬। শ্ৰেষ্ঠ সমালোচনা, আত্ম সমালোচনা। ১৫৭। গা এৰি দি ফুৰা লোকে, নিজক বৰ বুধিয়ক বুলি ভাবে। কিন্তু তেওঁ এলেহুৱা। ১৫৮। শ্ৰেষ্ঠ অলঙ্কাৰৰ ভিতৰত নম্ৰতাও এটা মূল্যবান অলঙ্কাৰ। ১৫৯। শৈশবক আকৌ কামনা কৰা। মানুহজন বৰ ৰঙিন আৰু অত্যুতচাহি। ১৬০। সময়ৰ লগত সমানে খোজ দিব পৰাজন সদায় আগৰণুৱা। ১৬১। আগ্ৰহীজনে কৃতকাৰ্য্যৰ শেষ বিন্দুত আৰোহ কৰে। বন্ধু আপুনি বহু সময় নিৰবে থাকিল, মোৰ কথাবোৰ আপোনাৰ নিশ্চয় ভাল লগা নাই।
পৃষ্ঠা:নীতিকথা.pdf/৫৭
অৱয়ব