90000000০০% নীতি কথা 0000000000 ৫৫। শান্তিৰ মূল প্ৰৱাহক সন্তান, সন্ততী। সন্তানে দিব পাৰে শান্তি, দিব পাৰে গৌৰৱ । ৫৬। সুখৰ সময়ত ভোজভাত দিয়াতকৈ দুখৰ সময়ত মাত দিয়াটো বেছি প্ৰশংসনীয়। ৫৭। কালৰ হাতত পৰাজয় সকলোৰে হয় কিন্তু এই পৰাজয় শোচনীয় হ'ব নেলাগে। ৫৮। কথাই কথাই মৰিব খোজাজন মানসিক ভাবে দুর্বল। ৫৯। ভাল, বেয়া, ডাঙৰ, সৰু বিচাৰ কৰিব নজনাজন নদীৰ পাৰৰ কহুৱা । ৬০। নোৱাৰো শব্দটো এলেহুৱা মানুহৰ সাৰি যোৱা মন্ত্ৰ ৷ ৬১। জীয়াই থকাৰ পথ যিজনে চিনি পাই তেওঁ মৰিও অমৰ হয়। ৬২। হিৰা মুকুটাৰ এটা দম এজন জ্ঞানী পণ্ডিততকৈ উজ্বল হ'ব নোৱাৰে। ৬৩। তীর্থ যাত্ৰা কৰাতকৈ নিজৰ অন্তৰখন পবিত্ৰ কৰা । ৬৪। তুমি বহু জানিলেও আনে দুখ পোৱা বা আনৰ অপকাৰ হোৱা সিদ্ধান্তৰ পৰা আঁতৰত থাকিবা ৬৫। সমাজৰ অপকাৰ হোৱা কথাত নিজে বুকু পাতি নির্ভিকভাবে প্ৰতিবাদ কৰিবা ৷ ৬৬। আন কোনো মূল্যবান বস্তুৰ লগত গুণৰ তুলনা নকৰিবা ৷ ৬৭। কল্পনা যদি কৰা, ধন দৌলতৰ কল্পনা নকৰিবা। কল্পনা কৰিবা মানুহ হোৱাৰ, মানুহ কৰাৰ ৷ ৬৮। নিষ্ঠুৰ মানুহৰ ভিতৰৰ দুৱাৰখন কপততাৰ কপট নুখুলা দুৱাৰ । ৬৯। জ্ঞানৰ স্পৃহা যাৰ আছে, নিৰক্ষৰতাই তাৰ প্ৰতিবন্ধক হ'ব নোৱাৰে। ৭০। নিজক বেচিকৈ জ্ঞানীৰ পৰিচয় দিব খোজাজন সমাজৰ অপ্ৰীয় 82
পৃষ্ঠা:নীতিকথা.pdf/৫১
অৱয়ব