সমললৈ যাওক

পৃষ্ঠা:নীতিকথা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নীতি কথা মই ঃ আন এটা সংস্কৃতি, মানুহ এজনক মৃত্যুৰ পিছত নিথৰ দেহত মালা পিন্ধালে দেশৰ বা দহৰ কিবা উপকাৰ হ'বনে? তাতকৈ মানুহক জীয়াই থাকোতে মালা পিন্ধালে বা তেওঁক প্রেরণা দিলে সমাজ বা দেশৰ বাবে আকৌ কিবা কৰাৰ বাবে মানুহজনে প্ৰেৰণা পালেহেঁতেন । যদি যজ্ঞতাৰ পুৰস্কাৰ দিব খোজে, জীয়াই থাকোতেই নিদিও কিয়? মানুহ এজনৰ কৰ্মৰাজীক (সৎ কর্ম) সমালোচনা কৰি উদ্‌গনি দিয়াহ'লে মানুহজনে মনত আনন্দ পাই। কৰি যোৱা কামবোৰ বেছি ভাল আৰু সমাজৰ গ্ৰহণযোগ্য হোৱাকৈ তেওঁ কৰিবলৈ যত্ন কৰে। সমাজ হিতৈষী ব্যক্তিবোৰে ফুলৰ মালা নিবিচাৰে, সেই সৎ ব্যক্তি সকলে বিচাৰে সমাজৰ অনুপ্ৰেৰণা, এজন মানুহৰ যশস্যা এখন দেশ বা এটা জাতিৰ বুৰঞ্জীৰ এখিলা পাট হ'ব পাৰে। ই চিৰদিন স্মৰণীয় হৈ থাকে। কিন্তু এজন ব্যক্তিক সৎকাৰৰ সময়ত চিতাত চন্দন কাঠ জাপি দিলে সেই ঘ্যান হয় ক্ষন্তেকীয়া ৷ গতিকে চন্দন কাঠ দিয়াতকৈ জীয়াই থকা অৱস্থাত মানুহজনক প্ৰেৰণা দিলে সেই কৃতি হৈ ৰ'ব যুগমীয়া। এই মৃতদেত মালা দিয়া, মৃত্যুৰ পিছত চন্দন কাঠেৰে দাহন কৰা, এই অপ-সংস্কৃতি সমাজৰ পৰা আঁতৰ কৰিবৰ হ'ল— নীতিকথা ১। অপসংস্কৃতিয়ে যুগ যুগ সমাজক জ্ঞানৰ পোহৰ পৰা আঁতৰত ৰাখে । ধর্ম মানুহে গঢ়ে, ধর্মই মানুহ নগঢ়ে ৷ 1Q যুগ বা কাল মানুহৰ সৃষ্টি । 81 এখন গোন্ধহীন ফুলনীতকৈ এজন জ্ঞানী মানুহ বেছি শোভনীয়। এজন ধর্মালম্বি আন এজন ধার্মীকক নিন্দা কৰা মানে ধৰ্মক নিন্দা ৫। ৩৮