সমললৈ যাওক

পৃষ্ঠা:নীতিকথা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ নীতি কথা তেনেদৰে আন এটা সংস্কাৰ কৰিব লগা নীতি মৃতদেহত মাল্য অর্পন, চন্দন কাঠেৰে মৃতদেহ সৎকাৰ কৰাৰ এই অপসংস্কৃতি । আজিৰ শিক্ষিত . সমাজখনে, জ্ঞানী ব্যক্তিসকলে কিয় এবাৰ চিন্তা কৰা নাই। মৃতদেহত মাল্যার্পন, সংস্কৃতি, দেশ বা জাতি কিমান উন্নতি সাধন কৰে বা এই আদর্শ গ্রহণযোগ্য বুলি সমাজত মত পোষণ কৰে। বৰ্ত্তমান সমাজখনত দেখা যায় চাকৰী বা ব্যৱসায়ৰ খাতিৰত ল'ৰা-বোৱাৰী, মাক-দেউতাকৰ পৰা বহু আঁতৰত থাকে। খুৱ কম ল'ৰা-বোৱাৰী মাক-দেউতাকৰ খবৰ লয়। বাকীবোৰে বছৰ বছৰ ধৰি মাক-দেউতাকে খাইছে কি, কৰিছে কি, খবৰ ল'বলৈ আঁহৰি নেপায় ৷ এনেকি শিক্ষিত সমাজখনত বহু স্বনামধন্য ব্যক্তিৰ ল'ৰা-ছোৱালী, মাক-দেউতাকৰ শয্যাগত অৱস্থাত এবাৰ মুখ চাবলৈও নাহে। এনেকি কিছুমানৰ আকৌ মাক-দেউতাকৰ মৃত্যু বাৰ্ত্তা পাইয়ো সৎকাৰ বা জানাজাৰ সময়ত উপস্থিত হ'বলৈ সময় উলিয়াব নোৱাৰে। মৃত্যুৰ সময়ত মৃত্যু যন্ত্ৰণাৰ উপৰি চেনেহৰ পুত্ৰ-বোৱাৰীক দেখা নোপোৱা বা সিহঁতৰ হাতেৰে মৃত্যুকালত এটুপি পানী নোপোৱা গভীৰ বেদনা বুকুত লৈ সিপুৰিলৈ যোৱাৰ পিছত। সেই পুত্ৰ বোৱাৰী মৃতদেহ ফুলেৰে ওপচাই দিলে স্বর্গগত পিতৃ-মাতৃ অতৃপ্ত আত্মায় সকলো পাহৰি তৃপ্তিৰে হাঁহি মৰবি? ফুলবোৰ দেৱতাৰ পূজাৰ বাবে দেৱতুলা ব্যক্তিক মাল্যাৰ্পন বা সম্ভাসন দিয়াৰ বাবে। এনেকুৱা অনাদৃত চিৰদুখী পিতৃ-মাতৃৰ নিথৰ স্পন্দনহিন দেহত অকৃতজ্ঞ পুত্ৰ-বোৱাৰী মাল্যাৰ্পন কৰা সংস্কৃতি এটা অপসংস্কৃতি। বন্ধু ঃ অৱশ্যে এই কথাষাৰ অতি বাস্তৱ সত্য। এই সংস্কৃতি গ্রহণযোগ্য হ’ব নোৱাৰে। এনে সংস্কৃতি আচলতে সমাজৰ পৰা নিশেষ কৰি দিব লাগে । ৩৭