সমললৈ যাওক

পৃষ্ঠা:নীতিকথা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • নীতি কথা

বায়ু, পানী, ঋতু, পক্ষ, এই সমূহত কোনো পৰিৱৰ্ত্তন হোৱা নাই ৷ উদাহৰণ দিব পৰা কি তথ্য আছে কলিৰ পৰিপন্থি সকলৰ হাতত ৷ কালৰ পৰিৱৰ্ত্তন হোৱাৰ বাবে সত্য, ত্রেতা, দ্বাপৰ গৈ কলি কালৰ আবির্ভাব হৈছে। হয়, আপুনি ক'ব পাৰিব ভাগৱত আছে, পাণ্ডুবংশৰ মহাধৰ্মীক ৰজা পৰীক্ষিত পুত্র জন্মেঞ্জয়ৰ ৰাজত্ব কালত কলি পদাৰ্পন কৰিছিল ৷ আপোনালোকে কয়, পুৰাণ সমূহ কিছুমান অতিৰঞ্জিত কাহিনি, কিন্তু ভাগৱতত থকা কলিৰ প্ৰৱেশৰ কথাখিনি কাহিনী নহয়নে? হয় আমিয়ো মানো বা সকলোৱে মানে- শাস্ত্ৰৰ উত্তৰ গীতা ভাগৱত ধৰ্মৰ উত্তৰ নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কাৰো প্ৰণাম । । বন্ধু এটা কথাৰ সিদ্ধান্ত দিয়ক ভাগৱতৰ জন্মৰ আগত একোজনা লিখকে আন সোতৰখন পুৰাণ লিখিছিল। নানা ধৰণৰ আদৰ্শ, শিক্ষা, ধৰ্ম, সংস্কৃতি সমাজত প্ৰচাৰ কৰি ধৰ্মৰ প্ৰতি মানুহৰ মন পৱিত্ৰ কৰিছিল, অনুপ্ৰাণিত কৰিছিল । সেই শাস্ত্রসমূহ আপোনালোকে কিয় উলাই কৰিছে। কলিৰ চিন, ৰং, অবয়ব কি? ভুল নকৰিব এইয়া মানুহৰ দৃষ্টি, কলিৰ পুর্বত দ্বাপৰত শকুনী, দুৰ্যোধনৰ দৰে চৰিত্ৰ, ৰাবনৰ দৰে নাৰী অপহৰণকাৰী, বিভীষণ, সুগ্ৰীৱৰ দৰে গৃহবৈৰী তাহানি অর্থাৎ দ্বাপৰতো আছিল আজিয়ো আছে। ভগৱানৰ অৱতাৰ শ্ৰীৰামচন্দ্ৰই সতীসাদ্ধী ভাৰ্য্যা সীতাক লোক অপবাদৰ বাবে অগ্নিপৰীক্ষা কৰিছিল। পৰশুৰামে পিতৃৰ আদেশত জন্মদাতৃ মাতৃ ৰেণুকাক শিৰচ্ছেদ কৰিছিল ৷ প্ৰতিশোধৰ জুইত 08