নীতি কথা বিশ্বামিত্র মুনিয়ো শুদ্ৰ আছিল। জ্ঞান আৰু ধৈৰ্য্যৰ জৰিয়তে বিশ্বামিত্ৰক এদিন ব্রহ্মাই ব্ৰহ্মত্ব দান কৰিছিল। ছি.ছি. আৰু ব্ৰাহ্মণক নিন্দা... । ঘৰৰ পৰা লঘোণে ভোকে আহি আপোনাৰ ঘৰত দোনা পটুৱা যোগাৰ - কৰি তেওঁলোকে ধৰ্মীয় পূজা-পাতাল কৰে। ব্ৰাহ্মণ সকলোৰো পৰিয়াল আছে, ল'ৰা-ছোৱালী আছে। ল'ৰা-ছোৱালীৰ শিক্ষা-দীক্ষা, ভৱিষ্যত এই ন সকেলো বৈদিক কৰ্মৰ জৰিয়তে আহৰণ কৰা অৰ্থৰ ওপৰত নিৰ্ভৰ কৰে ৷ বিনিময় কাৰ নাই, আপুনি ক'ব পাৰিব। বৈষ্ণৱ সকলে বিনিময় নলয়নে? প্ৰসাদ মুঠিও ঘৰৰ ল'ৰা-ছোৱালীৰ বাবে নিয়া হয়। অন্যান্যবোৰৰ কথা আপুনিয়ো জানে, সেইবাবে মই বাখ্যা কৰিব খোজা নাই। যিসকলে মায়াত আবদ্ধ হৈ আছে, এই গৃহবাসী সাংসাৰিক সকলে বিনিময় অবিহনে জীৱিকা কৰাতো বৰ কঠিন কাম আৰু এইসকল ব্ৰাহ্মণে হওক বা শূদ্রই হওক যি ধৰ্মৰে বা জাতিৰে নহওক ল'ৰা-ছোৱালী তিৰোতাক কষ্ট দি কৰা ধৰ্ম কোনো ধৰণৰ সুফল পোৱাতো সম্ভৱ নহয়। সেইবাবে কোনো ধৰ্ম বা ব্যক্তিক একপক্ষীয় ভাবে নিন্দা কৰাতো জ্ঞানীৰ কাম হ'ব নোৱাৰে ৷ বৰ্ত্তমান সময়ত হৰিৰ নাম বহু দামত বিক্ৰী হৈ আছে ৷ আপুনি উত্তৰ দিব পাৰিবনে হৰিৰ নামৰো ব্যৱসায়ী যে চলি আছে ইয়াত বিনিময় নহয় নে? বৰ্ত্তমান এটা নাম দল যদি নিমন্ত্ৰণ কৰিবলৈ যায় আপুনি বুজি পাব হৰিৰ নাম কিমান দামত বিক্ৰী হৈ আছে। নাম বিক্ৰী কৰাৰ কাৰণো নথকা নহয় ৷ নাম দলবোৰ এঠাইৰ পৰা আন ঠাইলৈ নাম প্ৰচাৰ কৰিবলৈ, তেওঁলোকৰ অহা-যোৱা, বাদ্যযন্ত্ৰবোৰ নিবলৈ গাড়ী এখনৰ প্ৰয়োজন। গাড়ীখন চলিবলৈ তেলৰ প্ৰয়োজন । তেল কিনিবলৈ টকাৰ প্ৰয়োজ, শিল্পী সকলৰ মজুৰী, সকলো ক্ষেত্ৰতে অৰ্থৰ প্ৰয়োজন হোৱা বাবে নাম দলবোৰে হৰি 1,
পৃষ্ঠা:নীতিকথা.pdf/৩৬
অৱয়ব