সমললৈ যাওক

পৃষ্ঠা:নীতিকথা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাত্র হম। নীতি কথা ভগৱানৰ এষাৰ বাণী সর্বধর্ম পৰিতেজ্য মা মেকং চৰণং ব্রজ । এই কথাষাৰ ভগৱানে কৈছে যে সকলো ধৰ্ম পৰিত্যাগ কৰি মোৰ চৰণত শৰণ লোৱা, হয় আপুনি ঠিকেই কৈছে, সকলো ধর্ম বাদ দি ভগৱানৰ ওচৰত নিজক অৰ্পন কৰিব লাগে কিন্তু মই নুবুজিলো ধর্ম মানে কি? ধর্ম কাক বোলে? ধৰ্মৰ ৰং কেনে? ধৰ্মৰ পৰিধি কিমান? বৌদ্ধ ধৰ্মৰ বৌদ্ধ ভিক্ষু সকলে বুদ্ধদেৱৰ নীতিৰ বাহিৰে তেখেত সকলে আন কিবা নীতি প্ৰচাৰ কৰিছেনে? ত্রিপিতক, গ্রষ্ঠচাহেব, কোৰাণ, বাইবেল, এই ধৰ্মগ্ৰন্থবোৰৰ ৰচক বা গুৰুজনাই কৰি থৈ যোৱা নীতি-আদর্শ বাদ দি কোন ধর্মালম্বি ধর্মযাজক বা ধৰ্মক ভালপোৱা মানুহে নিজৰ খেয়াল খুচি মতে ধৰ্ম তথা সমাজৰ ঐক্যতাত আঘাত কৰিছে। কিছুমানৰ মতে ধৰ্মৰ বাওপন্থী হোৱা বাবে সমাজৰ ভাঙোন হৈছে। সমাজত, শাক্ত, শৈৱ, বৈষ্ণৱ, কৃষ্ণগুৰু, ভাগৱত পন্থি চায়াবাবা, প্রজাপিতা ব্ৰহ্মকুমাৰী, বিভিন্ন পন্থা সমাজত বিৰাজমান । ব্ৰাহ্মণৰ বাবে কি! কৰিলে ব্ৰাহ্মণে ব্ৰাহ্মণৰ, কি দোষ আপোনালোকে কথাই কথাই কিয় ব্ৰাহ্মণক নিন্দা কৰে। কি কৰিছে ব্ৰাহ্মণে, যাৰ বাবে আপোনাসৱে অৱজ্ঞা কৰে, নিন্দা কৰে। ব্ৰাহ্মণ কোন, ব্ৰাহ্মণ আপুনিয়ো হ'ব পাৰে। ব্ৰাহ্মণ কৰ্মৰ জৰিয়তে হ'ব পাৰে। এষাৰ কথা আছে— জন্মনা যায়তে শুদ্র সংস্কাৰ উচ্যতে দ্বীজ । ব্যদভ্যাসং ভবেত দ্বিজ ব্রহ্ম জানাতি ব্ৰাহ্মণ ৷৷ ২৬