আপোনালোকে আমাক একেবাৰে হিনমন্য জ্ঞান কৰিছে। দুখ লগা কথা আপোনালোকৰ ওপৰে ওপৰে কৰা কিছু চিন্তা, কিছু বিশ্লেষণ আমাৰ বাবে ক্ষতি কাৰক হৈছে। মই যদি কওঁ আপোনালোকে গুৰুজনক অবমাননা কৰিছে আপোনালোকে নহয় বুলি ক'ব পাৰিবনে? গুৰুজনাই এৰাই চলা কিছু কৰ্ম আপোনালোকে কৰা নাইনে? 1 বন্ধু : আপুনি কোৱাতো মিচা নহয়, আচলতে এই ফেৰা কাম আমি কৰা নাই, কৰিছে সংঘই। ভূল হ'ল জগত গুৰুক সংঘ বা সমিতিৰ মাজত আৱদ্ধ কৰি ৰাখিব খোজাতো সমিচিন হোৱা বুলি ক'ব পাৰিবনে ? মই কোৱা বাবে বেয়া নেপাব। এইয়া মোৰ প্ৰশ্ন নহয়, এইয়া হেজাৰোধিকৰ প্রশ্ন । ধৰ্মক নিজৰ খেয়াল খুচি মতে ব্যৱহাৰ কৰি, সমাজখনক বিপথগামি নকৰা ভাল। গুৰু সকলৰ ঐক্য-বন্ধন, শান্তি যেন বিঘ্নিত নহয়, তাৰ প্ৰতি লক্ষ ৰখা উচিত। বৰ্ণনা সমূহ সকলোৰে বোধগম্য আৰু শ্ৰুতিমধুৰ হ'লে ভাল। ধর্মগ্রন্থ সমূহে গীতা, ভাগৱত, কোৰাণ, বাইবেল, গ্রন্থ চাহেব, ত্রিপিতক কোনখন ধর্মগ্রন্থত মানুহে মানুহক ঘৃণা বা উচ্চ-নীচ কৰা কথা উল্লেখ কৰা আছে। একে তেজ-মাংসৰ মানুহ হৈ মানুহে মানুহক ঘৃণা কিয় কৰে, কিয় সমাজত বিদ্বেষ ভাৱৰ জন্ম দিয়ে, এইয়া সমাজক এক গোট কৰাৰ অভিপ্ৰায় নে, সমাজখনক ধ্বংস কৰাৰ হাবিলাস বেয়া নেপাব, মনৰ ক্ষোভৰ বাবে কথাখিনি লিখিব লগা হ'ল। ধর্ম জানো ইমান লেহুকা, যোনে যিভাবে গঢ় দিয়ে বা দিব খোজে, ধর্ম তেনেদৰে গঢ় ল'ব। মোৰ মনত প্রশ্ন হয় ধৰ্মই মানুহক গঢ় দিয়ে নে মানুহে ধৰ্মক গঢ় দিয়ে। হয়তো মোৰ দৰে বহুজনে এনেধৰণে ধৰ্মৰ প্ৰতি
পৃষ্ঠা:নীতিকথা.pdf/৩৩
অৱয়ব