সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২য় দৃশ্য ]
৮৩
নিৰ্ম্মলা

কিৰণস্পৰ্শত পদুম ফুলি উঠা যদি দোষ হয়, পদ্ম দাদাৰ অমায়িক পাণ্ডিত্য, উদাৰ সহানুভূতি, আন্তৰিক সমদৰ্শিতা দেখি মুগ্ধ হোৱাও মোৰ পক্ষে অন্যায় হৈছে। প্ৰথমে পদ্ম দাদাৰ অদৰ্শনত বৰ কষ্ট পাইছিলোঁ, সংসাৰ আন্ধাৰ দেখিছিলোঁ। কিন্তু লাহে লাহে এই বিচ্ছেদ সহিব পৰা হলোঁ। এতিয়া যদিও পদ্ম দাদাৰ চিন্তাত হৃদয় মন সদায় পূৰ্ণ থাকে, তথাপি দৰ্শনৰ কাৰণে সেই ভীষণ ব্যাকুলতা আৰু নাই। এতিয়া বুজিছোঁ প্ৰকৃত প্ৰেমিকে প্ৰেমাস্পদৰ দৰ্শন নাপালেও তেওঁৰ চিন্তাতে সুখী হ’ব পাৰে। কিন্তু সমাজেটো মোৰ হৃদয়ৰ কথা নাজানে আৰু সামাজিক নিয়মত মই সম্পূৰ্ণ পবিত্ৰ! তথাপি একো প্ৰমাণ নোলোৱাকৈ এজনী অজ্ঞানী অৱলা ছোৱালীৰ সৰ্ব্বনাশ কৰিবলৈ এই সমাজ অকণো কুণ্ঠিত নহল। দুৰ্ব্বলৰ ওপৰত অত্যাচাৰেই এই সমাজৰ নিত্য-নৈমিত্তিক কাৰ্য্য। এনে সমাজৰ নাম উচ্চাৰণ কৰাও পাপৰ কথা।

( বৰুৱাৰ প্ৰৱেশ )

বৰুৱা— আই! তই এতিয়াও শুবলৈ যোৱা নাই?
নিৰ্ম্মলা— নাই যোৱা দেউতা! বাৰু কওকচোন দেউতা! মই যদি মৰো, আপুনি কি কৰিব?
বৰুৱা― (চকুলো টুকি) আই এনে কথা কিয় কৱ?