এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
—৪ৰ্থ অঙ্ক—
১ম দৃশ্য—
ব্ৰাহ্মণ সভা।
| চণ্ডী— | বৰুৱা ইমান পৰে নাহিল কিয়? আমাক অমাইন
কৰিব খুজিছে নে কি? |
| মহেশ্বৰ— | অ' বৰুৱাক কম নুবুলিবাঁ। বাহিৰত বৰ শান্তশিষ্ট,
ভিতৰি বৰ দুষ্ট। |
| চণ্ডী— | ঈশ্বৰৰ কৃপাত এইবাৰ এই বৰুৱা নে চৰুৱাৰ ভিকাচন
ভাগিল। তাৰ মইমতালি দেখি আই বসুমতীৰো অসহা হৈছিল। |
[ বৰুৱাৰ প্ৰৱেশ। ]
| চণ্ডী— | বৰুৱা! বেলি কৰিলে কেলৈ! সমাজ আপোনাৰ
কাৰণে বহি থাকিব নে? |
| বৰুৱা— | দেউসকল। দোষ হল, ক্ষমা
কৰিব। ঘৰত পৰিবাৰ বৰ জ্বৰ, পুৱাৰে পৰা এৰিবই পৰা নাই। তাতেহে অলপ পলম হ'ল। |
| মহেশ্বৰ— | তোমাৰ ঘৰত কাৰ জ্বৰ, কাৰ খৰ হ'ল, সেই
বাবে আমি বহি থাকিব লাগে নে? |
| চণ্ডী— | পিছে জীয়েকক নানিলে কিয়? |
| বৰুৱা— | সেই কাম কৰিবলৈ মই অপাৰগ। আপোনালোকে |