সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৷৶৹

 লক্ষ্মীধৰৰ সাহিত্য প্ৰতিভা আছিল বিশাল মুখী। সমাজৰ অন্ধতা আৰু অন্যায় গোড়ামীৰ বিৰুদ্ধে হাতত কলম ল'বৰ দিনৰে পৰা লক্ষ্মীধৰে যুঁজ কৰি আহিছে। মাত্ৰ ৩২ বছৰীয়া আয়ু কালৰ ভিতৰতে অসমীয়া ডেকা সমাজ তথা অসমীয়া সাহিত্যলৈ লক্ষ্মীধৰৰ দান অপূৰণীয় আৰু অভাবনীয়ও। ত্যাগী লক্ষ্মীধৰে মচ নোযোৱাকৈ বুকুৰ তেজৰে মথি অসমীয়া সাহিত্য আকাশত যি বোল দি গৈছে তাৰ ধাৰ কোনেও সুজিব নোৱাৰে। লক্ষ্মীধৰৰ সমসাময়িক বন্ধুমহলে লক্ষ্মীধৰৰ এই সৃজনী শক্তিৰ কাৰণে যি কোনো প্ৰকাৰেই লক্ষ্মীধৰৰ নামত গুণত মুগ্ধ নহৈ নোৱাৰে।

 ব্যৰ্থতাৰ দানৰ প্ৰথম সংস্কৰণ কোনোবা কাহানিয়েই নিঃশেষ হৈছে। কিতাপখন অধ্যাপক শ্ৰীবিৰিঞ্চি কুমাৰ বৰুৱাই কলিকতাত ছপাকাৰ্য্যৰ তদ্‌বিৰ কৰিছিল। শিল্প- সাগৰৰ সঙ্গীত শিল্পী শ্ৰীপ্ৰফুল্ল বৰুৱাই ধৰিছিল টকাৰ যোগান। দুখৰ বিষয় যে কোনো কোনো কিতাপ ব্যৱসায়ী আৰু লক্ষ্মীধৰৰ তথাকথিত সুভানুধ্যায়ীৰ ভিতৰতে বহু টকা বাকী পৰি থকাৰ কাৰণে আজিও ছপাৰ খৰচ পৰিশোধ কৰিব পৰা নোহোৱাত আমি নিজেই লাজ পাইছে৷।

 লক্ষ্মীধৰৰ আন এখন অসমৰ ৰাজনৈতিক আন্দোলনৰ বিষয় বস্তু দি বুৰঞ্জীৰ দৰিয়াকৈ লিখা “নিষ্ঠ৷” নামৰ