এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭ম দৃশ্য ]
৭০
নিৰ্ম্মলা
| যাব লাগিব, প্ৰস্তুত থাকিব। |
| যমুনা — | মই সদায় প্ৰস্তুত, কিন্তু লৰাটোৰ কি হব। |
| পদ্ম— | তাত স্কুল আছে, সি তাতে পঢ়িব। হিন্দু বিদ্যা-
লয়ত মোৰ চিনাকী লৰা আছে, সিহঁতে আপোনাৰ খা খবৰ লৈ থাকিব। |
| বৰুৱা— | কিন্তু আইটি, পদ্মৰ লগত গ'লে জানোছা মানুহে
বেয়া বোলে। |
| যমুনা — | বেয়া বুলিবলৈ বাকী নাই। মই যাবই লাগিব।
পদ্ম আৰু আপোনাৰ বাহিৰে এই ঠাইৰ মই অইন কাকো বিশ্বাস কৰিব নোৱাৰোঁ। |
| বৰুৱা— | কিন্তু পদ্মৰতো এটা বদনাম হ'ব। |
| পদ্ম— | মোৰ কাৰণে চিন্তা কৰিব নেলাগে। মই এনে মিছা
বদনামলৈ ভয় নকৰো। তাৰ উপৰি এই ঠাই এৰি ময়ো পলাওঁ বুলিহে ভাবিছোঁ। কাশীৰ পৰা ঘূৰি আহি কৰবালৈ গুচি যাম। |
| বৰুৱা— | মোৰ পক্ষেও এই ঠাই অতিষ্ঠ হৈ উঠিছে, পিছে
উপায় হে একো নাই। তেন্তে আইটি, ওলাই থাকিবি; পদ্মই পুৱা লৈ যাবহি। |
| যমুনা — | ( সেৱা কৰি ) দদাইদেউ! আশীৰ্ব্বাদ কৰিব,
স্বামীৰ চৰণত মতি ৰাখি যেন মৰিব পাৰে। আৰু কেতিয়াবা কিবা যদি অপৰাধ কৰিছিলো ক্ষমা কৰিব। এয়ে আমাৰ শেষ দেখা। |
| বৰুৱা — | ( চকু পানী টুকি ) আয়ুষ্মতী হোৱা আই! |
[ ড্ৰপ ]