এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
[তৃতীয় অংঙ্ক
নিৰ্ম্মলা
| পাই মোৰ সৰ্ব্বনাশ কৰিবলৈ আহিছিল। পদ্ম বাপা হঠাৎ আহি উপস্থিত নোহোৱা হ’লে, সেই দিনাই মোৰ গতি যে কি হ’লহেঁতেন তাক ঈশ্বৰেহে জানে। এতিয়া সেই পাপীষ্ঠ মহেশ্বৰেই পদ্মৰ লগত মোৰ বদ্নাম ৰটি ফুৰিছে। মই কেনিও মুখ উলিয়াব নোৱৰা হৈছোঁ। একোবাৰ ভাৱোঁ, এইবোৰ কথালৈ পিঠি দি ঈশ্বৰ চিন্তাহে কৰি সময় কটাওঁ—কিন্তু নোৱাৰোঁ। সকলোৱে যেন মোৰ ফালে আঙুলিয়াই “সেই জনী কলঙ্কিনী, জাত যোৱা যমুনা” বুলি হাঁহে। সকলোৱে যেন মোক দেখিলেই চকুৱে চকুৱে মোৰ কলঙ্কৰ কথাকে প্ৰকাশ কৰে। নাই, নাই মই ইয়াত থাকিব নোৱাৰো। এই ঠাইৰ বতাহ পৰ্যন্ত বিষাক্ত হৈ পৰিছে। আৰু মোৰ লৰাটো। তাক যে সকলোৱে পতিতা যমুনাৰ লৰা বুলি হাঁহিব! মোৰ এই মিছা বদ্নামেই তাৰ চিৰ জীৱনটোত এটা অপবাদৰ কালিমা পেলাই দিব। দদাইদেউ। মোৰ এটা দিহা কৰি দিয়ক, নহলে মই আপোনঘাটী হম। |
| পদ্ম— | বলক, আপোনাক কাশীত থৈ আহোঁগৈ। তাতে ঈশ্বৰ চিন্তা কৰি সময় কটাব। |
| যমুনা— | মই যে একেবাৰেই গৰীব। |
| পদ্ম— | ধনৰ কাৰণে চিন্তা কৰিব নালাগে। কালি পুৱাই |