সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬ষ্ঠ দৃশ্য]
৭৫
নিৰ্মলা

চিন্তা কৰি কাল কটোৱাটো সম্ভব হয় কেনেকৈ?

দেউতাই যথেষ্ট কষ্ট পাইছে—তেওঁ যেন মোৰ কাৰণে আৰু মনস্তাপ নাপায় তালৈ চোৱাটো মোৰ নিতান্ত কৰ্ত্তব্য।

[ বৰুৱাৰ প্ৰবেশ ]

বৰুৱা— নিৰ্ম্মলা! পদ্মই চিঠি লিখিছে বিশেষ কামৰ কাৰণে

তেও দুদিনমান আহিব নোৱাৰে। আজি গীতাখনো আহিছে। তাকে পঢ়ি তাৰে আলোচনা কৰি আমি দুয়ো সময় কটাম, কি জানি তাপিত প্ৰাণত অলপ শাস্তি পাওঁয়েই। ( প্ৰস্থান )

সপ্তম দৃশ্য-

(যমুনাৰ ঘৰ)

বৰুৱা— আইটি, আমাক কিয় মতাইছিলা?
যমুনা— দদাইদেউ! ইয়াত মই আৰু থাকিব নোৱাৰোঁ।

আপুনি বোধকৰো শুনিছে, এই পাষণ্ডহঁতে মোৰ নামে এটা ভীষণ অপবাদ প্ৰচাৰ কৰিছে। অধৰ মী মহেশ্বৰেই এই কামৰ মূলত। দদাইদেউ! আপোনাৰ আগত কবলৈ লাজ লাগে, নকলেও নহয়—এদিন এই মহেশ্বৰেই ঘৰত লৰাটো নথকাৰ