এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চতুৰ্থ দৃশ্য]
৬৯
নিৰ্মলা
গান
লেও সাকী লেও ভৰ পিয়লা পিলেও দাৰু ফিন্
লালসিৰাজী আঙ্গুৰ সৰাৰ গুল ফেতৰ ৰঙ্গিন।
লয়নামে ঠাট্ চাটনী মিঠা বাট্
আবগানে দেও দিল পিয়ায়া ৰসিৱ
ঘুম্না ফিৰণা খোস্ কৰণা কাম বৰা সঙ্গীন॥
| মন্মথ— | বেছ বেছ কি চমংকাৰ। |
| হৰনাথ— | ঘূৰে ঘূৰে হিলে দুলে। |
(উঠি গৈ মদ খায় )
| কুমুদ— | মন্মথ বাবু! এক পিয়লা মদ নাই খালে ফুৰ্টিটা
পকিয়া উঠেনা। কি কও। |
| মন্মথ— | ঠিক বলছেন। [ দুয়ো উঠি গৈ মদ খায় ] |
| হৰনাথ— | [ জড়িত কণ্ঠে ] বাঃ, কি পৰীয়েই আহিছে।
যেন আচমানৰ পৰাহে এওঁলোক আহিছে – চিধা আচমানৰ পৰা, বেচ আৰু এটা পাক দিয়া, মোৰ দিল একেবাৰেই খোস, হৈ যাওঁক। |
| (বলোৰাম সদৰ আমিনৰ প্ৰৱেশ, সকলোৱে উঠি সম্বৰ্দ্ধনা কৰে) |
| কুমুদ— | বেছ বাইজী অনাইছেতো, কি সুন্দৰ নাচ, কি
সুন্দৰ নাচ, কি সুন্দৰ গান, কি গলা ―! |
| হৰনাথ— | কি চেহেৰা! কি চকু! কি⸺ |
| মম্মথ— | আমোদেৰ আয়োজনটা হয়েছে ভাল, বাইজী দুটি |