এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
–৪র্থ দৃশ্য—
সদৰ আমিনৰ ঘৰত বিয়া
| (ঢাকাৰ দুজনী বায়ে এটা গানৰ শেষ স্তোত্ৰটো গাই
নাচে, মন্মথ বাবু প্ৰভৃতি ভদ্ৰলোকসকলে মতলীয়া ভাও কৰে, অন্যান্য শ্ৰোতাসকলে চুকত, টেবুলত মদৰ বটল গ্লাচত বাকে। তাৰে একোটুপি ঠেঙা পিন্ধা বাবুসকলে মাজে মাজে খায় ) |
| গান :— | আমাৰ আহলাদে প্ৰাণ আটখানা। |
[ নাচে আৰু গায়; গান শেষ হোৱাত বহে। ]
| মন্মথ — | এইবাৰ এই এক গানা আলিবাবাৰ গান গাও
দি কিন? |
| হৰনাথ— | এই বুজিছা এই এটা প্ৰে—প্ৰে–প্ৰেমৰ গান
গাবা বুজিছা! |
| কুমুদ— | ধৰ্ম্মৰ গান একটা গাইয়া দিন্। |
(উঠি গৈ মদ খায় )
| মন্মথ — | গান পাগল। এই তোমৰা গাও আলিবাবাৰ
'লেও সাকী লেও' গানটা— |
| [ গান আৰু নাচ কোনোৱে বাহবা, কোনোৱে তাল দিয়ে,
কোনোৱে মদ খায় ] |