সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩ য় দৃশ্য]
৬৭
নিৰ্ম্মলা


অনুবাদ খিনি কৰি থবা। [ বহী দিয়ে। ]
নিৰ্ম্মলা— বাৰু।
বৰুৱা— ব'লা, গাঁৱত মোৰো অলপ কাম আছে।

[দুয়ো প্ৰস্থান ]

নিৰ্ম্মলা — কি মধুৰ সুখকৰ, প্ৰাণ উন্মাদকাৰী স্পৰ্শ।

মোৰ গোটেই শৰীৰটো মুহূৰ্ত্ততে ৰোমাঞ্চিত, সমস্ত হৃদয় ব্যাকুল হৈ উঠিল। এক নতুন প্ৰভাৱত একে বাৰে আপোন পাহৰা হৈ গৈছিলোঁ। কিন্তু দাদা আজি ইমান সোনকালে কিয় আঁতৰি গল! তেওঁ ওচৰত থাকিলে কিবা এটা কোমল সুখৰ ভাৱে মোৰ হৃদয়ত খেলা কৰি থাকে আৰু তেওঁ চকুৰ আঁৰ হলেই মনটোৱে বিষাদত কান্দি উঠে।

[ নেপথ্যত মাতে “নিৰ্ম্মলা”।

আয়ে মাতিছে, যাওঁ।

[ প্ৰস্থান ]