এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৬
[৩ য় অঙ্ক
নিৰ্ম্মলা
| বোধকৰোঁ তুমি বুজিব পাৰিছা যে, তোমাৰ সমস্ত
জীৱন কঠুৰ ব্ৰহ্মচৰ্যাত কটাব লাগিব। যাতে ধৰ্ম্ম চিন্তা কৰি, শাস্ত্ৰ আলোচনা কৰি জীৱনটো পবিত্ৰ ভাৱে নিয়াৱ পাৰা তাৰ কাৰণেই খুৰাদেৱে তোমাক সংস্কৃত পঢ়াইছে। |
| নিৰ্ম্মলা— | বাৰু এতিয়াৰ পৰা আকৌ মন দি পঢ়িম। |
| পদ্ম — | আখৰ লিখিছিলা নে? |
| নিৰ্ম্মলা — | লিখিছিলোঁ, এইয়া [ বহী দিয়ে। ] |
| পদ্ম— | [ বহী লৈ ] এইটো অনুশ্বৰ নহৈ ম্ হে হ'ব।
শেষত অনুশ্বৰ নহৈ ম হয়। |
[ বৰুৱাৰ প্ৰবেশ। ]
| বৰুৱা— | পদ্ম কেতিয়া আহিলা? |
| পদ্ম— | এই অলপতে। |
| বৰুৱা— | কেনে, নিৰ্ম্মলাই অলপ পাৰিছে নে? |
| পদ্ম— | পাৰিছে, পিছে সংস্কৃত ভাষাটো স্বভাৱতেই টান,
গতিকে অলপ সময় লাগিব। |
| বৰুৱা— | তুমি যে, তাইৰ কাৰণে ইমান চেষ্টা কৰিছাঁ, তাৰ
বাবেনো মই তোমাক কি ধন্যবাদ দিম! নিৰ্ম্মলা তই সংস্কৃতটো অলপ মন দি পঢ়িবি আই! গীতা এখনলৈ লিখিছোঁ, আহিলে তাকে পঢ়ি দুয়ো সময় কটাম। |
| পদ্ম— | নিৰ্ম্মলা! আজি আৰু থাওক। মই আবেলি আহিম। |