সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় দৃশ্য ]
৬৫
নিৰ্ম্মলা


জানো আহিছে? “গ্লৌ” শব্দ মুখস্থ থাকিব লাগিব।

মৌ, গ্লাবো, গ্লাব:- তাৰ পাচত ইয়াৰ এক বচনটো মনত নপৰে দেখোন। ৰাতিপুৱা গোটেই শব্দটো আহিছিল, এতিয়া পাহৰিলোৱেই দেখোন? ইপিনে অনুবাদো কৰিবলৈ নহল। ছিঃ আজি পদ্ম দাদাই খং কৰিব। কিন্তু ইমান পৰ তেওঁ নাহিল কিয়? তেওঁ নাহিলে মোৰ ইমান বেয়া লাগে কিয়? আজি কালি মোৰ হল কি? পঢ়োতে খাওঁতে শোওঁতে পদ্ম দাদাৰ কথা কিয় মনত পৰে। কিন্তু এনে দৰে তেওঁৰ কথাটো দিনে ৰাতিয়ে মনত নপৰিছিল। অ' সৌৱা আহিছে।

(পদ্মৰ প্ৰৱেশ)

পদ্ম— নিৰ্ম্মলা! তুমি অনুবাদ খিনি কৰিলা নে?অনুবাদ

ভালকৈ কৰিব নোৱাৰিলে সংস্কৃত শিকা নহয়।

নিৰ্ম্মলা— পাহৰিলোঁ, এতিয়াহে মনত পৰিছে।
পদ্ম— পাহৰিলোঁ, আগেয়েতো কেতিয়াও পাহৰা নাছিল॥

দুদিন মানৰ পৰা তোমাক অলপ অন্যমনস্ক দেখিছোঁ, কিবা অসুখ বিসুখ হৈছে নে কি?

নিৰ্ম্মলা— (তল মূৰ কৰি ) নাই—
পদ্ম— তেন্তে
নিৰ্ম্মলা— এনেয়েহে পাহৰিলোঁ।
পদ্ম— নিৰ্ম্মলা! তোমাৰ ভালকৈ সংস্কৃত পঢ়াৰ দৰকাৰ।