সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম দৃশ্য
৫৭
নিৰ্ম্মলা


যমুনা— মোক ৰক্ষা কৰা, এই বিপদৰ হাতৰ পৰা মোক

ৰক্ষা কৰা।

(পদ্মই গোৰ মাৰি মহেশ্বৰক পেলাই দিয়ে )

কোন তুমি মোৰ পঞ্চম বন্ধু! আজি এই পাষণ্ডই মোৰ ধৰ্ম্ম নাশ কৰিলেহেঁতেন।

পদ্ম— কোন, মহেশ্বৰ বাপু! ছিঃ ছিঃ, তোমাৰ লাজ লগা

নাই নে এনে জঘন্য কু-কাৰ্য্য কৰিবলৈ? উঃ কি ভীষণ পাপীষ্ঠ তুমি। এফালে ধাৰ্ম্মিকৰ ভাও ধৰি সমাজৰ ক'ত মানুহৰ ধৰ্ম্মনাশ কৰিছা, আন ফালে ভীষণ পাপ তুমি আচৰিছা, যাক দেখিলে সূৰ্যাই মুখ ঢাকে। পৃথিবীয়ে আকুল হৈ আপোন গতি পাহৰি যায়। কোনো শাস্তিয়েই তোমাৰ উপযুক্ত দণ্ড নহয়।

মহেশ্বৰ— ( পদ্মৰ ভৰিত ধৰে ) পদ্ম বাপা! মই বৃদ্ধ ব্ৰাহ্মণ

কিবা এটা গ্ৰহৰ বিকাৰতহে মোৰ এই কুভাৱ হৈছিল। তোমাৰ ভৰিত ধৰিছোঁ, এই কথা যেন প্ৰকাশ নকৰা।

পদ্ম— বাইদেউ! পাষণ্ডৰ কথা দেখিছা — কি কৰিবলৈ

কয়?

যমুনা— যদি বুঢ়াই আজি ঈশ্বৰৰ নামে শপত খাই কয়

যে ভবিষ্যতে এনে কাম আৰু নকৰে তেনে এই