এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম দৃশ্য ]
৫৫
নিৰ্ম্মলা
| যমুনা — | দেৱে যে কি কথা কয়, তাৰ একো ঠিকেই নাই।
দেউ! মোৰ অলপ কাম আছিল। এতিয়া উঠিলেই ভাল। |
| মহেশ্বৰ— | যমুনা! - মই তোমাক বৰ ভাল পাওঁ। মোৰ
প্ৰাণ তোমাৰ সুন্দৰ ওঠ দুটিৰ ৰস পিবলৈ ব্যাকুল হৈছো। তুমি মোক গ্ৰহণ কৰা। তোমাৰ আৰু দুখ নাথাকে। মোৰ যি আছে সকলো তোমাৰ চৰণত দিম। |
| যমুনা— | ছিঃ ছিঃ আপুনি প্ৰধান ব্ৰাহ্মণ হৈ বামুণৰ বিধবাৰ
আগত এনে প্ৰস্তাৱ কৰিব পায় নে? এনে কথা শুনিলেও পাপে চোৱে। |
| মহেশ্বৰ— | পাপ পুণ্য সকলো দুৰ্ব্বলৰ কাৰণে কল্পনা কৰা,
নেদেখা বস্তু। যমুনা! তোমাৰ সৌন্দৰ্যত, তোমাৰ ৰূপত, মই মোহ গৈছোঁ। তোমাৰ বিৰহে মোৰ হিয়া পুৰি দেই নিছে। যমুনা! মোৰ হোৱা, তোমাক ৰাণীৰ সুখত ৰাখিম। আহা, দুয়ো প্ৰেমত মগ্ন হৈ সুখী হওঁ, মোৰ তাপিত প্ৰাণ শীতল হোক। |
| যমুনা — | ছিঃ ছিঃ ছিঃ, হৰি! মোৰ ভাগ্যত এনে কথা
শুনিবলৈকো লিখিছিলা। বুঢ়া বামুণ, এই নিৰাশ্ৰয়া বিধবাৰ সতীত্ব নষ্ট কৰিবমলৈ তোমাৰ অলপো ভয় লগা নাই নে? জীয়েৰাৰ লগৰীয়া মোৰ আগত এই অতি ঘিণ লগা প্ৰস্তাৱ কৰিবলৈ তোৰ অকণো |
ঊঊতড়