সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
[২য় অঙ্ক
নিৰ্ম্মলা


কৃষ্ণ— সম্পাদক নোহোৱাৰ কাৰনেই, তোমালোকৰ সভা

মৰে দেখোন?

পদ্ম— সেয়ে হওক। ই জীয়াই থাকিও একো লাভ কৰিব

পৰা নাই। প্ৰথমতে যিবিলাক মেম্বৰ হৈছিল তাৰ এফালে সৰু ছোৱালী বিয়া কৰালেই। বাকী খিনিয়েও কেৱল চল হে চাই আছে। এনে সভাৰ একো প্ৰয়োজন নাই।

কৃষ্ণ— মৰমৰ ছাত্ৰসকল! আজি বৰ ডাঙৰ দায়িত্ব

এটাৰ ভাৰ লৈ, হিয়াত বৰ আশা বান্ধি মই এই সভালৈ আহিছিলোঁ॥ ভাবিছিলোঁ ভাৰতৰ যুৱকৰ হৃদয় দীন দৰিদ্ৰৰ কান্দোনে, অৱলা নাৰীৰ হা- হোতোস্মিয়ে স্পৰ্শ কৰিছে আৰু মনে মনে এই কথা ভাবি এটা আশা আৰু আনন্দ অনুভৱ কৰিছিলোঁ। কাৰণ জগতৰ সকলো মহৎ কাম নবীন ভাবত উদ্দীপ্ত, সত্যৰ বলেৰে বলীয়ান ডেকা- সকলেই কৰে। কিন্তু সভাৰ কাৰ্য্য দেখি বৰ নিৰাশ হলো। ভাৰতবাসীৰ কৌটি কলিয়া দুৰ্ব্বলতা যেনেকৈ সকলো অনুষ্ঠানতে, সকলো কাৰ্য্যতে প্ৰকাশ হৈ পৰে, ইয়াতো তাৰ প্ৰক্ৰিয়াকে দেখিলোঁ। আপোনা- লোকে এটা revolution, এটা বিদ্ৰোহ কৰিবলৈ ওলাইছিল—কিন্তু আপোনালোকে বুজা উচিত যে, সামাজিক Revolution ৰাজনৈতিক Revolution